কিয় শনিদেৱৰ প্ৰভাৱমুক্ত হয় দিব্যস্বৰূপ শিশুসকল..

1 min read

শনি দেৱৰ প্ৰবল শক্তিয়ে কাহানিও শিশুসকলৰ জীৱনত কোনো ধৰণেৰে বিপদক আমন্ত্ৰণ নকৰে বুলিও পূৰ্বৰ পৰাই বেদ বা উপনিষদ সমূহত উল্লেখ কৰা হৈছে। তদুপৰি কোনোধৰণৰ কু-দৃষ্টিৰ বাবেই শিশুসকলে জীৱনত কেতিয়াও অসংযত অৱস্থাৰ মুখামুখি হ’ব নালাগে।এই সন্দৰ্ভত জ্যোতিষ শাস্ত্ৰৰ বিশেষজ্ঞ ড° ৰাধাকান্ত ভাটছেই সদৰী কৰিছে বহুতো প্ৰহেলিকা।
সনাতন অথবা হিন্দু ধৰ্ম মতে শনিক কৰ্মৰ দাতা ৰূপে গণ্য কৰে। শনিদেৱে কোনো ভেদাভেদ অবিহনে ন্যায় কৰাৰ কথাটোও শাস্ত্ৰত উল্লেখ নথকা নহয়।
ডাকৰ বচন অনুসৰি আমি জানো যে মানুহে নিজৰ কৰ্ম অনুযায়ী ফলাফল লাভ কৰে।
প্ৰবাদ অনুসৰি মহৰ্ষি দধিচিয়ে দেবলোকৰ হকে প্ৰাণ বিসৰ্জন দিছিল মৃত্যুৰ পিছতে তেওঁৰ শৰীৰৰ অৱশিষ্টৰ পৰাই দেৱতাৰ ৰাজ ইন্দ্ৰই লাভ কৰিছিল বজ্ৰষ্ট অৰ্থাৎ ব্ৰহ্মাস্ত্ৰ। তদুপৰি মহৰ্ষি দধিচিৰ সন্তান ঋষি পিপলাদে পীপাল গছৰ তলতে জন্মিছিল আৰু গোটেই জীৱন জন্মঠাইতে ভগৱান শিৱৰ তপস্যা কৰিছিল। তপস্যাৰ অন্তত ভগৱান শিৱই সন্তুষ্টি লাভ কৰি কৃপাত তেওঁ কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰ আৰু শাস্তিও লাভ কৰিছিল ।
প্ৰবাদ অনুসৰি ঋষি পিপলাডৰ মগজুত সঘনাই উদয় হৈছিল এটা প্ৰশ্ন। ঋষিৰ মূৰত সঘনাই অহা প্ৰশ্নটো আছিল যে কেনেধৰণৰ কৰ্মই বাবে তেওঁৰ লগতে পৃথিৱীৰ জীৱ সমাজক অনাথৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য কৰায়।উক্ত প্ৰশ্নটোৰ উত্তৰ জনাৰ উৎসাহত ঋষি পিপলাদে এদিন দেৱতাৰ সভালৈ যাত্ৰা কৰিলে। দেৱসভাত উপস্থিত হৈ পিপলাদ মুনিয়ে সকলো দেৱৰ সন্মুখত মুক্ত প্ৰশ্নটি উত্থাপন কৰিলে।প্ৰশ্নৰ উত্তৰৰূপে দেৱতাগণে ইয়াৰ কাৰণ ৰূপে শনি দেৱকে ঠিৰাং কৰিলে।প্ৰশ্নৰ উত্তৰত দুখী হৈ পিপলাদ মুনিয়ে শনি দেৱক উচিত দণ্ড দিয়াৰ উদ্দেশ্যৰে শনিদেৱৰ ঘৰ পালেগৈ।
পিপলাদ মুনিয়ে শনি দেৱে খংৰ ভমকত শনি দেৱক ব্ৰহ্ম দণ্ডৰ দ্বাৰা প্ৰহাৰ কৰে আৰু তেওঁ শিশুৰ প্ৰতি দয়ালু নহয় বুলি অপবাদ দিয়ে।কিন্তু পিপলাদ মুনিৰ ৰুদ্ৰমূৰ্তি দেখি সকলো দেৱগণে ঋষিক শান্ত কৰাৰ উদ্দেশ্যৰে শনি দেৱৰ ঘৰলৈ গমন কৰে।শনিদেৱৰ ঘৰত উপস্থিত হৈ সকলো দেৱগণে পিপলাদ মুনিক শান্ত কৰাৰ প্ৰয়াস কৰে। কিন্তু পৰিস্হিতি কিছু ঠিক হোৱাৰ পিছতে সকলোৱে উপলব্ধি কৰে যে শনি দেৱে আচলতে নিজ কৰ্মৰ ফলাফল হে প্ৰদান কৰে। ইয়াৰ কিছু সময় পিছতে পিপলাদ মুনিয়ে নিজ মতামত অনুসৰি শনি দেৱৰ সন্মুখত ঘোষণা কৰে যে শনি দেৱে কোনো ল’ৰা-ছোৱালীক ১২বছৰ পৰ্যন্ত নিজৰ প্ৰভাবলৈ আনিব নোৱাৰে। ১২ বছৰ বা বাল্য কৰা এনে সময়।যত এটি শিশুৱে ভাল বা ভুল কোনটো বিবেচনা কৰাৰ শক্তি ঢুকি নাপায়।
সেয়েহে, বাল্যকাল পর্যন্ত শিশুবোৰৰ জীৱনত শনি দেৱে কোনোধৰণৰ অপ্ৰীতি প্ৰদান কৰিব নোৱাৰে।
এইখিনিতে পঢ়ুৱৈ স্বৰূপে আপোনালোকৰ মতামত আমাৰ বাবে অতি দৰকাৰী।সেয়েহে উক্ত প্ৰতিবেদনৰ মতামত জনাবলৈ অতি শীঘ্ৰে আহক কমেণ্ট বক্সলৈ। সমান্তৰালৰূপে, যদিহে আমাৰ প্ৰতিবেদনে কিছু পৰিমানে হলেও শিক্ষা প্ৰদান কৰিছে তেন্তে আজিয়ে শ্বেয়াৰ কৰক।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author