গুৱাহাটীত প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট; ১২টা স্থানৰ সৈতে নিৰ্বাচিত বৰ্ষাপাৰা ষ্টেডিয়াম

1 min read

অহা ১৯ নৱেম্বৰত ভাৰতৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনত মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব। ইয়াৰ বাবে আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট, আৰু মুম্বাইকে ধৰি সমগ্ৰ ভাৰতৰ বাৰখন চহৰক সম্ভাৱ্য আয়োজক হিচাপে চৰ্টলিষ্ট কৰা হৈছে।

মন কৰিবলগীয়া যে ১৯৮৭ চনত কলকাতাৰ ইডেন গাৰ্ডেন আৰু ২০১১ চনত মুম্বাইৰ ৱাংখেদে ষ্টেডিয়ামৰ পিছত ক্ৰিকেট বিশ্বকাপৰ ফাইনেল আয়োজন কৰা ভাৰতৰ তৃতীয় স্থান হিচাপে পৰিগণিত হ’ব ১ লাখ ৩০ হাজাৰ লোকৰ আসনৰ ক্ষমতা থকা নৰেন্দ্ৰ মোডী ষ্টেডিয়াম।

EspnCricinfoৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পাকিস্তানৰ বাবে কৰ ৰেহাই আৰু ভিছা ক্লিয়াৰেন্স নিশ্চিত কৰাত পলম হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এতিয়াও এই অনুষ্ঠানৰ সময়সূচী ঘোষণা কৰা নাই।

২০২৩ চনৰ সংস্কৰণত ভাৰতত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে ভাৰতে ১৯৮৭ চনত পাকিস্তানৰ সৈতে আৰু ১৯৯৬ চনত শ্ৰীলংকা-পাকিস্তানৰ সৈতে সহযোগীভাৱে আয়োজন কৰিছিল। ২০১১ চনত ভাৰতে শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে আয়োজনৰ অধিকাৰ ভাগ কৰিছিল, ভাৰতেও ২০৩১ চনত বাংলাদেশৰ সৈতে যৌথভাৱে এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সাজু হৈছে।

যি কি নহওঁক অসমৰ গুৱাহাটীত এই বিশ্ব কাপ অনুষ্ঠিত হোৱাক লৈ এতিয়া খেল প্ৰেমীৰ মাজত উৎসাহ দেখা গৈছে।

You May Also Like

More From Author