গোলাঘাটত যৌন নিৰ্যাতনৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীক সাত মাহ পূৰ্বে তেওঁৰ খুৰাক আৰু পুত্ৰকে ধৰি পৰিয়ালৰ দুজন সদস্যই ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগ উত্থাপন হৈছে।
অসমৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত এই ঘটনা সংঘটিত হৈছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত খুৰাকৰ ঘৰত ধান চপাই আছিল। পাছত কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাত ছমাহৰ গৰ্ভৱতী হোৱা বুলি ধৰা পৰাৰ পিছত এই বিষয়টো পোহৰলৈ আহে।
ইয়াৰ পিছতে ভুক্তভুগী পৰিয়ালে উৰিয়ামঘাট আৰক্ষীৰ কাষ চাপে আৰু ঘটনা সন্দৰ্ভত এক গোচৰ ৰূজো কৰে।
ইতিমধ্যে অভিযোগ অনুসৰি দুই জন লোককে আৰক্ষীয়ে আটক কৰিছে।