আলু সাধাৰণতে প্ৰায়সংখ্যক লোকৰে প্ৰিয়। আলু সকলো শাক-পাচলি আৰু ব্যঞ্জন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা এবিধ প্ৰধান পাচলি, কিন্তু আলু খালে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে।
ডায়েবেটিছ ৰোগত আলুৰ পৰা তৈয়াৰী বস্তু খাব পাৰো নে নাই জানেনে? সাধাৰণতে ডায়েবেটিছ ৰোগীৰ খাদ্যক লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। কাৰণ ই এনেকুৱা এটা ৰোগ য’ত খাদ্য খোৱাৰ পিছতে ইয়াৰ প্ৰভাৱ তৎক্ষণাত দেখা যায়।
আলুৰ পৰা তৈয়াৰী বস্তু ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী নে ক্ষতিকাৰক সেয়া অতি প্ৰয়োজনীয়। আলু খাব পাৰিবনে?
গৱেষণাৰ মতে আলুত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে যদিও কম পৰিমাণে খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয়। আমি মাত্ৰ এটা কথা মনত ৰাখিব লাগিব যে ইয়াক যিকোনো শাক-পাচলিৰ লগত খাব পাৰি য’ত ষ্টাৰচৰ মাত্ৰা কম আৰু চৰ্বি, প্ৰ’টিন, ভিটামিনৰ পৰিমাণ বেছি থাকে। যদি আমি আলু যিকোনো শাক-পাচলিৰ লগত খাওঁ, য’ত ষ্টাৰচ অধিক পৰিমাণে পোৱা যায়, তেন্তে ডায়েবেটিছ বৃদ্ধি হোৱাটো নিশ্চিত।
আলু কেনেকৈ খাব লাগে
আলুতো পুষ্টিকৰ উপাদান থাকে। তেল কম থকা শাক-পাচলি আৰু ব্যঞ্জন লগত আলু খাব পাৰি। পেকেট কৰা আলু অৰ্থাৎ চিপছৰ দৰে বস্তুৱে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ডায়েবেটিছ ৰোগীয়ে দাইল আৰু মাছৰ সৈতে আলু খাব পাৰে।
আলু কিয় খাব লাগে
আলুত থকা কাৰ্ববোৰ শৰীৰৰ বাবে প্ৰয়োজনীয় যেনে প্ৰটিন আৰু আঁহ, মাত্ৰ ইয়াৰ অত্যধিক পৰিমাণে চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে। আলুত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে।
মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, আইৰণ, জিংক আদি বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত থকা কাৰ্বহাইড্ৰেটবোৰো শৰীৰক শক্তি প্ৰদানৰ বাবে প্ৰয়োজনীয়। আলুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্টও থাকে, যিয়ে স্বাস্থ্যৰ উপকাৰ কৰে।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।