নগাঁৱৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীত “বিশ্ব বতৰ দিৱস” উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৩মাৰ্চ:–ভাৰত বতৰ বিজ্ঞান বিভাগৰ গ্রামীণ কৃষি মৌচম সেৱাৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীৰ নগাঁও কেন্দ্রৰ সৌজন্যত বৃহস্পতিবাৰে “বিশ্ব বতৰ দিৱস” উদযাপন কৰাৰ লগতে “কৃষি বতৰ পৰামর্শাৱলী” র্শীষক এখনি সজাগতা সভা অনুষ্ঠিত হয় । কেন্দ্ৰটিৰ ভাৰপ্রাপ্ত মূখ্য বিজ্ঞানী ড° কল্যাণ কুমাৰ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত গৱেষণা কেন্দ্রটোৰ প্রধান বিজ্ঞানী ড° দিনেশ হাজৰিকা,ড° পংকজ কুমাৰ দেৱ চৌধুৰী,ড° পবিত্র কুমাৰ বৰদলৈ,জ্যেষ্ঠ বিজ্ঞানী ড° হিৰণ্য কুমাৰ দেৱ নাথ,বতৰ বিজ্ঞানী নৱজ্যোতি ডেকা,ড° গৌতমী কটকী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ড° প্রমোদ চন্দ্র ডেকা,নাজিফ হাজৰিকা আদি উপস্থিত থাকে । গৱেষণা কেন্দ্রৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত প্রধান বিজ্ঞানী ড° দিনেশ হাজৰিকাই বতৰ,জলবায়ু আৰু পানীৰ লগত সংগতি ৰাখি “বিশ্ব বতৰ দিৱস”ৰ দিনটোৰ তাৎপৰ্য বিশদভাৱে ব্যাখ্যা কৰে । বতৰ বিজ্ঞানী নৱজ্যোতি ডেকাই গ্রামীণ কৃষি মৌচম সেৱাৰ দ্বাৰা প্রচাৰিত কৃষি বতৰ পৰামর্শাৱলী সেৱা সমূহৰ জৰিয়তে কৃষকসকল কিদৰে উপকৃত হ’ব তাৰ ওপৰত বিৱৰণ আগবঢ়ায়। লগতে নৱজ্যোতি ডেকাই ম’বাইল সেৱাৰ জৰিয়তে বতৰৰ পূৰ্বানুমানসমূহ লাভ কৰিবলৈ গ্রামীণ কৃষি মৌচম সেৱাত নিজৰ নিজৰ নাম পঞ্জীয়ণ কৰিবলৈ আহ্বান জনায় । সভাত
নগাওঁ জিলাৰ ৫ টা কৃষক উৎপাদক সংস্থাৰ প্রায় ৬০ গৰাকী সদস্য-সদস্যা উপস্থিত থাকে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author