প্ৰভূ শ্ৰী ৰাম আৰু বীৰ হনুমানৰ মিলন

1 min read

বীৰ হনুমান এবাৰ ঋষ্যমুক্ত পৰ্ৱতৰ একেবাৰে শিখৰত বহি আছিল।সেই সময়তে ভগৱান শ্ৰী ৰাম আৰু লক্ষ্মণে দেৱী সীতাক বিচাৰি ঋষ্যমুক্ত পৰ্ৱত পালেহি। ( Religious Studies )

সেই পৰ্ৱতৰ শিখৰৰ পৰা বানৰৰ ৰজা সুগ্ৰীৱে তেওঁলোকক দেখা পালে।সুগ্ৰীৱে ভাৱিলে-এয়া বালীয়ে পথোৱা দুজন যুদ্ধা হয়!যি মোক বধ কৰিবলৈ-হাতত ধনু-কাঁড় লৈ আগবাঢ়ি আহিছে।

দূৰৰ পৰা দেখাত এই দুয়োজন বহুত বলৱান যেন লাগিছে!ভয়তে-সুগ্ৰীৱে বীৰ হনুমানক কলে-হনুমান সেয়া চোৱা,দুজন বহুত বলৱান মনুষ্যই হাতত ধনু-কাঁড় লৈ-আমাৰফালেই আগুৱাই আহিছে।এনে লাগিছে-এওঁলোকক বালীয়ে পথিয়াইছে,মোক বধ কৰিবলৈ!এওঁলোকে চাৰিওফালে মোকে বিচাৰি ফুৰিছে!

তুমি তৎক্ষণাত তপস্যী ব্ৰাহ্মণৰ ৰূপ লোৱা আৰু এই দুয়ো যুদ্ধাৰ ওচৰলৈ যোৱা আৰু এয়া খবৰ লগোৱা যে-এওঁলোক কোন হয় আৰু ইয়াত কিয় ঘূৰি ফুৰিছে!যদি কিবা ভয়ৰ কথা হয়,মোক তাৰেপৰা সংকেট দিবা।তেতিয়া তৎক্ষণাত এই পৰ্ৱত এৰি ইয়াৰে পৰা পলাই যাম।

সুগ্ৰীৱক অত্যন্ত ভয়ত দেখা পায়-বীৰ হনুমানে-তৎক্ষণাত তপস্যী ব্ৰাহ্মণৰ ৰূপ লৈ-ভগৱান শ্ৰী ৰাম আৰু লক্ষ্মণৰ কাষ পালেগৈ।বীৰ হনুমানে-দুয়ো ককায়েক-ভায়েকক প্ৰণাম কৰি কলে-প্ৰভূ,আপোনালোক কোন হয়!কৰপৰা আহিছে!এই পৃথিৱী বহুত কঠোৰ হয়।আপোনালোকৰ চৰণ বহুত কোমল হয়।কি কাৰণত আপোনালোকে এই ঠাইত ঘূৰি ফুৰিছে!আপোনালোকৰ সুন্দৰতা দেখি এনে লাগিছে-যেন-ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰৰ পৰা কোনোবা এজন হয় বা নৰ-নাৰায়ণ নামৰ প্ৰসিদ্ধ ঋষি হয়।আপোনালোকে আপোনালোকৰ পৰিচয় দি আামাৰ উপকাৰ কৰক। ( Religious Studies )

বীৰ হনুমানৰ কথা শুনি-ভগৱান শ্ৰী ৰামচন্দ্ৰই নিজৰ আৰু লক্ষ্মণৰ পৰিচয় দি কলে-অসুৰে দেৱী সীতাক হৰণ কৰি নিলে!আমি দেৱী সীতাক বিচাৰি চাৰিওফালে ঘূৰি ফুৰিছো।হে-ব্ৰাহ্মণ দেৱ-মোৰ নাম ৰাম আৰু এওঁ মোৰ ভাই লক্ষ্মণ হয়।আমি অয্যোধা নৰেশ মহাৰাজ দশৰথৰ পুত্ৰ হয়।এতিয়া আপুনি আপোনাৰ পৰিচয় দিয়ক!

ভগৱান শ্ৰী ৰাম চন্দ্ৰৰ কথা শুনি বীৰ হনুমানে-বুজিলে যে-এওঁলোক স্বয়ং ভগৱান হয়।তেতিয়া তৎক্ষণাত বীৰ হনুমান-প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ চৰণত পৰিল।তেতিয়া প্ৰভূ শ্ৰী ৰামে বীৰ হনুমানক উঠাই সাৱটি ধৰিলে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author