এটা সময়ৰ কথাৰে-অসুৰৰ উৎপাত অত্যাচাৰ বহুত বাঢ়ি গৈছিল।কোনো ধৰণৰ ধাৰ্মিক কায্য কৰাটো চিন্তনীয় হৈ পৰিছিল।অসুৰে সম্পূৰ্ণ পৃথিৱীত উৎপাট কৰি ফুৰিছিল। ( Religious Studies )
অসুৰে-স্বৰ্গটো নিজৰ অধিন কৰিব বিচাৰিছিল।দেৱৰাজ ইন্দ্ৰ সেই সময়ত স্বৰ্গৰ ৰজা আছিল।দেৱৰাজ ইন্দ্ৰই স্বৰ্গৰ সকলো দেৱতাগণক লৈ ভগৱান বিষ্ণুৰ কাষলৈ গল।
দেৱতাগণে ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিলে-দেৱতাগণে কলে-হে প্ৰভূ-আপুনি আমাক অসুৰৰ অত্যাচাৰৰ পৰা মুক্তি দিয়ক।ভগৱান বিষ্ণুৱে জানিছিল যে-ভগৱান শিৱহে-এই সমস্যাৰ সমাধান কৰিব পাৰিব।
*ভগৱান বিষ্ণু-মহাদেৱৰ ডাঙৰ ভক্ত আছিল।ভগৱান বিষ্ণুৱে অসুৰৰ বিনাশৰ বাবে-মহাদেৱৰ তপস্যা কৰিবলৈ নিৰ্ণয় কৰিলে।ভগৱান বিষ্ণুৱে হিমালয়াৰ বৰফে আগুৰা পৰ্ৱতত মহাদেৱৰ তপস্যা কৰিবলৈ ধৰিলে।
ভগৱান বিষ্ণুৱে-ভগৱান শিৱৰ এহেজাৰ নামৰ জাপ কৰিবলৈ ধৰিলে।প্ৰতিটো নামৰ লগতে-ভগৱান বিষ্ণুৱে এপাহ কমল পুষ্প অৰ্পণ কৰিবলৈ সংকল্প ললে। আনফালে-ভগৱান শিৱই ভগৱান বিষ্ণুৰ পৰীক্ষা লোৱাৰ কথা ভাবিলে। ( Religious Studies )
*ভগৱান বিষ্ণুৰ পৰীক্ষা লবলৈ-মহাদেৱে এহেজাৰ কমল ফুলৰ পৰা এপাহ কমল ফুল লুকুৱাই ৰাখিলে।ভগৱান বিষ্ণু তপস্যাত বিলীন হৈ আছিল।সেইবাবে এই কথা তেওঁ গম পোৱা নাছিল।
ভগৱান বিষ্ণুৱে মহাদেৱৰ এটা নাম লৈ আৰু এপাহ কমল পুষ্প অৰ্পণ কৰি যায়।যেতিয়া অন্তিমটো নামৰ সময় আহিল-তেতিয়া ভগৱান বিষ্ণুৱে দেখিলে যে-কমল পুষ্প আৰু নাই!যদি কমল পুষ্প অৰ্পণ কৰিব নোঁৱাৰিলে-তপস্যা আৰু সংকল্প ভংগ হৈ যাব।সেইবাবে ভগৱান বিষ্ণুৱে কমলৰ ঠাইত নিজৰ এটা চকু অৰ্পণ কৰিলে।
*তেতিয়া মহাদেৱ,ভগৱান বিষ্ণুৰ এই ভক্তিৰ দ্বাৰা বহু প্ৰসন্ন হল।আৰু মহাদেৱ শ্ৰী হৰিৰ সন্মুখত দেখা দিলে আৰু বৰদান বিচাৰিবলৈ কলে।
ভগৱান বিষ্ণুৱে-অসুৰৰ বিনাশ কৰিবলৈ অজয় অস্ত্ৰ বিচাৰিলে।তেতিয়া মহাদেৱে ভগৱান বিষ্ণুক সুদৰ্শন চক্ৰ প্ৰদান কৰিলে।যাৰ দ্বাৰা ভগৱান বিষ্ণুৱে অসুৰৰ বিনাশ কৰিলে।এইদৰে ভগৱান বিষ্ণুৱে নিজৰ ভক্তিৰ পৰিচয় দি সুদৰ্শন চক্ৰ প্ৰাপ্ত কৰিলে।।