পুৰাণৰ কথা অনুসাৰে-এবাৰে দেৱী পাৰ্ৱতীয়ে বহু উৎসাহেৰে মহাদেৱক এই প্ৰশ্ন কৰিলে যে-এনে কিয় হয় যে-আপুনি অজৰ অমৰ হয় আৰু মই প্ৰতিটো জন্মতে নতুন স্বৰূপত আহি বহু বছৰ কাল কঠোৰ তপস্যা কৰি আপোনাক প্ৰাপ্তি কৰিব লাগে। ( Religious Studies )
যেতিয়া মই আপোনাকে প্ৰাপ্ত কৰিব লাগে-তেতিয়া মোৰ এই তপস্যা কিয়?মোৰ ইমান কঠোৰ পৰীক্ষা কিয়!আৰু আপোনাৰ কন্ঠত থকা এই পৰমুণ্ড মাতা তথা আপুনি অমৰ হোৱাৰ ৰহস্য কি?
মহাকালে প্ৰথমে-দেৱী পাৰ্ৱতীক এই ৰহস্যৰ বিষয়ে কোৱাটো উচিত নাভাবিলে।কিন্তু স্ত্ৰীৰ আগত তেওঁৰ কথা নৰখিল।
ভগৱান শংকৰে দেৱী পাৰ্ৱতীক একান্ত ভাৱে গুপ্ত স্থানত অমৰ কথা শুনিবলৈ কলে যাতে আনে শুনি নাপায়।কাৰণ যিয়ে এই কথা শুনি লৈ-সেইজন অমৰ হৈ যায়।সেইবাবে মহাদেৱে দেৱী পাৰ্ৱতীক লৈ কোনো গুপ্ত স্থানৰ ফালে আগুৱাই গল।
সৰ্বপ্ৰথম মহাদেৱে নিজৰ বাহন নন্দীক পহলগামত এৰিলে।সেইবাবে বাবা অমৰনাথৰ যাত্ৰাত পহলগামৰ পৰা আৰম্ভ হয়।
আৰু কিছুদূৰ যোৱাত মহাদেৱে চন্দ্ৰমাক-চন্দ্ৰনবাৰীত নিজৰ পৰা বেলেগ কৰিলে আৰু গংগাক পঞ্চতৰণীত।ইয়াৰ পাছত কথাভূষণ সৰ্পক শ্ৰচনাগত এৰিলে।এইদৰে সেই পাহাৰৰ নাম শ্ৰচনাগ হল। ( Religious Studies )
আগলৈ এই যাত্ৰাত-আগৰ পাহাৰ গণেশ তপ পোৱা যায়।এই স্থানত ভোলানাথে-নিজৰ পুত্ৰ গণেশক এৰিছিল।যাক মহাগুণৰ পৰ্ৱত বুলিও কোৱা হয়।
পিস্সু ঘাটিত পিস্সু নামৰ পতংগক ত্যাগ কৰিলে।এইদৰে মহাদেৱে নিজৰ জীৱনদায়িনী পাঁচ তত্বকো নিজৰ পৰা বেলেগ কৰিলে।
এই সকলোবোৰ ত্যাগ কৰাৰ পাছত মহাদেৱে-দেৱী পাৰ্ৱতীক লগত লৈ-এটা গুপ্ত গুহাত প্ৰৱেশ কৰিলে।
অমৰ কথা যাতে আন কোনেও শুনি নাপায়-সেইবাবে মহাদেৱে-চমৎকাৰৰ দ্বাৰা গুফাৰ চাৰিওফালে অগ্নি প্ৰজলিত কৰি দিলে।ইয়াৰ পাছত অমৰ কথা দেৱা পাৰ্ৱতীক শুনাবলৈ আৰম্ভ কৰিলে।
কথা শুনি থাকোঁতে দেৱী পাৰ্ৱতীৰ টোপনি ধৰিল।ভগৱান শিৱই কথা শুনাই থাকিল।সেই সময়ত এহাল পাৰই কথা শুনি থাকিল।আৰু মাজে মাজে হু-হু শব্দৰে মাত মাতি গল।মহাদেৱে ভাৱিলে যে-দেৱী পাৰ্ৱতীয়ে কথা শুনি মাজে মাজে মাত দি গৈছে।এইদৰে পাৰহালে মহাদেৱৰ পৰা অমৰ কথা সম্পূৰ্ণ শুনিলে।
কথা সমাপ্ত হোৱাত-মহাদেৱৰ ধ্যান দেৱী পাৰ্ৱতীৰ ফালে গল।তেতিয়া মহাদেৱে ভাৱিলে-দেৱী পাৰ্ৱতী টোপনিত যদি-কোনে মাত দিছে?তেতিয়া মহাদেৱৰ দৃষ্টি পাৰহালৰ ওপৰত পৰিল আৰু ক্ৰোধিত হল।আৰু পাৰহালক বধ কৰিবলৈ তৎপৰ হল।
তেতিয়া পাৰহালে মহাদেৱক কলে যে-হে প্ৰভূ-আমি আপোনাৰ মুখৰ পৰা অমৰ কথা শুনিলো।যদি আপুনি আমাক বধ কৰে-তেন্তে এই অমৰ কথা মিছা হব।পাৰহালৰ কথা শুনি-মহাদেৱে পাৰহালক বধ নকৰিলে আৰু পাৰহালক আৰ্শীবাদ দিলে যে-তোমালোক সদায়ে এই স্থানত শিৱ-পাৰ্ৱতীৰ প্ৰতীকচিহ্ন ৰূপত নিবাস কৰিবা।
অন্ত-
এই পাৰহাল অজৰ-অমৰ হল।কোৱা হয় যে-আজিও এই পাৰহালৰ দৰ্শন ভক্তসকলৰ প্ৰাপ্ত হয়।এইদৰে এই গুফা অমৰ কথাৰ সাক্ষী হৈ ৰল।আৰু সেইবাবে এই গুফাৰ নাম অমৰনাথ গুফা হল।
এই গুফাৰ ভিতৰত ভগৱান শংকৰ বৰফৰ দ্বাৰা নিৰ্মিত শিৱলিংগৰ ৰূপত বিৰাজমান আছে।এই পবিত্ৰ গুফাত দেৱী পাৰ্ৱতীৰ বাহিৰেও গণেশৰ সকলো বেলেগ বেলেগ ৰূপক বৰফৰে নিৰ্মিত প্ৰতিৰূপক দৰ্শন কৰিব পৰা যায়।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।