- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখন প্ৰশ্নকাকত ফাদিলে এতিয়া চিন্তিত কৰি তুলিছে শিক্ষাৰ্থীসকলক
- এইবাৰ ফাদিল হৈছে ভূগোল বিষয়ক পৰীক্ষাৰ প্ৰশ্নকাকত
- উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা
- ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত
- সেয়ে এতিয়া ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এই বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ সম্ভাৱনাই দেখা দিছে
- অৱশ্যে এতিয়ালৈকে ছেবাই আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই