৭ খন ৰাজ্যত স্থাপন হ’ব মেগা টেক্সটাইল পাৰ্ক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা

1 min read

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে তামিলনাডু, তেলেংগানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত PM MITRA মেগা টেক্সটাইল পাৰ্ক স্থাপন কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে কয়, ”এইটো জনাবলৈ পাই সুখী যে, PM MITRA মেগা টেক্সটাইল পাৰ্কে 5F (ফাৰ্ম টু ফাইবাৰ টু ফেক্টৰী টু ফেশ্বন টু ফৰেইন) দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বস্ত্ৰ খণ্ডক উন্নীত কৰিব। তামিলনাডু, তেলেংগানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্য় প্ৰদেশ আৰু উত্তৰ প্ৰদেশত PM MITRA মেগা টেক্সটাইল পাৰ্ক স্থাপন কৰা হ’ব।”

 

তেওঁ লগতে কয়, ”PM MITRA মেগা টেক্সটাইল পাৰ্কসমূহে বস্ত্ৰ খণ্ডৰ বাবে অত্যাধুনিক আন্তঃগাঁথনি প্ৰদান কৰিব, কোটি কোটি বিনিয়োগ আকৰ্ষণ কৰিব আৰু লাখ লাখ চাকৰিৰ সৃষ্টি কৰিব। ই হ’ব ‘মেক ইন ইণ্ডিয়া’ আৰু ‘মেক ফৰ দ্য ৱৰ্ল্ড’ৰ এক ডাঙৰ উদাহৰণ।”

You May Also Like

More From Author