জীম নোযোৱাকৈ ঘৰতে সহজে তল পেটৰ চর্বি কেনেকৈ কমাব !

0 min read

অনিয়মিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে পেটত চর্বি জমা হয়৷ কিন্তু যদি আপুনি কিছুমান নিয়মীয়া ব্যায়াম কৰিব পাৰে, তেন্তে পেটটো নিয়ন্ত্রণ কৰাৰ ক্ষমতা আপোনাৰ হাতৰ মুঠিত থাকে৷ আপুনি ক’ব পাৰে যে পেটৰ চর্বি আটাহতকৈ বিপজ্জনক চর্বি৷ কিন্তু চিন্তা নকৰিব৷ আজিকালি এই সমস্যা এতিয়া বহুতৰ মাজত দেখা গৈছে৷

আচলতে দৈনন্দিন জীৱনত মানসিক চাপ অহৰহ সংগী৷ বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰত কর্টিছলৰ নিঃসৰণ বাঢ়িবলৈ আৰম্ভ কৰে৷ যেতিয়া কর্টিছল অধিক নির্গত হয় তেতিয়া পেশীবোৰ ভাঙিবলৈ ধৰে আৰু শৰীৰত জমা হয় (পেটৰ চর্বিৰ ৰূপত)৷ আৰু এটা কথা আপুনি জানে ব্যায়ামৰ অভাৱৰ বাবে অতিৰিক্ত চর্বি শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে৷ লগতে দিনটোৰ বেছিভাগ সময় বহি থাকিলে ফেট জমা হয়৷ কিন্তু সেয়াও আপুনি নোহোৱা কৰিব পাৰে, তাৰ বাবে মাত্র সচেতন হ’ব লাগিব৷

প্রথমতে নিজকে প্রেৰণা যোগাব লাগিব৷ সহজে ঘৰতে যোগাসন কৰাটো এটা ভাল উপায়৷ কিন্তু আপুনি আগতে কেতিয়াবা যোগাসন কৰিছিলনে? যোগাসন আৰম্ভ কৰাৰ সময়ত কেহটামান কথা মনত ৰাখিব৷ প্রথমে কোনো কামত খৰখেদা নকৰিব৷ কিবা এটা জোৰ–জবৰদস্তি কৰিলে আঘাত পোৱাৰ সম্ভাৱনা সদায় থাকে৷ গতিকে যোগাসন আৰম্ভ কৰাৰ আগতে অলপ ৱার্মআপ কৰক৷ আৰু ব্যায়াম এবাৰ আৰম্ভ কৰিলেই নিয়মিতভাৱে কৰিব লাগিব৷ এদিন কৰি তাৰ পিছত দুদিন নকৰিলে নহ’ব, অর্থাৎ অনিয়মৰ কোনো স্থান নাই৷ তেতিয়াহে আপুনি ভাল ফলাফল পাব৷ এতিয়া কিছুমান বিশেষ ব্যায়ামৰ কথা কওঁ৷
মাটিত তললৈ মুখ দি শুব৷ এতিয়া দুয়োখন ভৰি মাটিৰ পৰা তুলি লওক৷ এতিয়া শৰীৰৰ ওপৰৰ অংশটো যিমান পাৰি মাটিৰ পৰা ওপৰলৈ তুলিবলৈ চেষ্টা কৰক৷ হাতেৰে ভৰি দুখন ধৰি সমর্থন দিব পাৰে৷ এইদৰে থাকি কিছু সময়ৰ পিছত আগৰ অৱস্থালৈ উভতি যাওক৷ মাটিত পোনে পোনে থিয় হওক বা আঁঠু দুটা বেঁকা কৰি পিছলৈ লৰচৰ কৰিবলৈ চেষ্টা কৰক৷ অলপ সময় এনেকৈয়ে থাকি আগৰ অৱস্থালৈ উভতি যাওক৷ সোঁভৰিখনতো একেদৰেই পুনৰাবৃত্তি কৰক৷ কিন্তু ব্যায়ামৰ লগতে জীৱনশৈলীত সৰু সৰু পৰিৱর্তন কৰিব লাগিব৷ গোটেই দিনটো ৮–১০ গিলাচ পানী খাব লাগে৷ ই শৰীৰৰ পৰা বিষাক্ত পদার্থ সহজে আঁতৰাই পেলাব৷ শৰীৰৰ চর্বিও কমি যাব৷ লগতে ভিটামিন ‘চি’যুক্ত খাদ্য বেছিকৈ খালে পেটৰ চর্বি কমোৱাত সহায়ক হ’ব৷ আৰু চেনিযুক্ত বা মিঠা খাদ্য যিমান পাৰি কমকৈ খাব লাগে৷ কম কেল’ৰিযুক্ত খাদ্য খাবলৈ চেষ্টা কৰক৷

You May Also Like

More From Author