মাতা পাৰ্ৱতীয়ে ভগৱান শিৱক স্বামী ৰূপে পাবলৈ-কঠোৰ তপস্যা কৰি আছিল।দেৱী পাৰ্ৱতীৰ তপস্যাক দেখা পায়-দেৱতাসকলে দেৱীৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ প্ৰাৰ্থনা কৰিলে।তেতিয়া মহাদেৱে দেৱী পাৰ্ৱতীৰ পৰীক্ষা লবলে সপ্তঋষিক পথিয়ালে।
সপ্তঋষিয়ে মহাদেৱৰ কোটি কোটি অৱগুণ কোৱাত দেৱী পাৰ্ৱতীৰ মহাদেৱৰ বাহিৰে আনৰ লগত বিবাহত সন্মতি নাছিল।বিবাহৰ আগে সকলোৱে নিজৰ ভাবী পত্নীক লৈ আশ্চত্ব হব বিচাৰে।সেইবাবে স্বয় মহাদেৱে দেৱী পাৰ্ৱতীৰ পৰীক্ষা লবলৈ ঠিৰাং কৰিলে।ভগৱান শংকৰ প্ৰকট হল আৰু দেৱী পাৰ্ৱতীক বৰদান প্ৰদান কৰি অন্তধ্যান হল।যি ঠাইত দেৱী পাৰ্ৱতীয়ে তপস্যা কৰি আছিল,সেই ঠাইৰ ওচৰৰে নদীত ঘৰীয়াল এটাই লৰা এটাক ধৰিলে।
লৰাটোৱে নিজৰ জীৱন ৰক্ষাৰ বাবে চিঁঞৰিবলৈ ধৰিলে।দেৱী পাৰ্ৱতীয়ে সেই লৰাটোৰ চিঁঞৰক সহ্য কৰিব নোঁৱাৰিলে।দ্ৰৱিত হৃদয় হোৱাত দেৱী পাৰ্ৱতীয়ে নদীৰ পাৰলৈ গৈ দেখে যে-ঘৰীয়ালটোৱে লৰাটোক কামুৰি ধৰি নদীৰ মাজলৈ নিছে।লৰাটোৱে দেৱীক দেখা পায় কলে-মোৰটো মা আছে নে পিতৃ!নে কোনো মিত্ৰ!মাতা-আপুনি মোক ৰক্ষা কৰক।পাৰ্ৱতীয়ে কলে-হে গ্ৰাহ-এই লৰাটোক এৰি দিয়ক।ঘৰীয়ালটোৱে কলে-দিনটোৰ শেষ সময়ত-যি মই পাঁও,সেয়া মোৰ আহাৰ বুলি স্বীকাৰ কৰা মোৰ নিয়ম হয়।ব্ৰহ্মাদেৱে দিনটোৰ শেষৰ সময়ত এই লৰাটোক পথিয়াইছে।মই ইয়াক কিয় এৰি দিম!
ঘৰীয়ালটোয়ে কলে-এটা চৰ্ততে মই ইয়াক এৰি দিব পাৰোঁ।আপুনি তপস্যা কৰি মহাদেৱৰ পৰা যি বৰদান ললে-যদি সেই তপস্যাৰ ফল মোক যদি দি দিয়ে,তেতিয়া মই ইয়াক এৰি দিম।পাৰ্ৱতীয়ে ঘৰীয়ালৰ কথা শুনি প্ৰস্তুত হল।দেৱীয়ে কলে- মই মোৰ তপস্যাৰ ফল তোমাক দিবলৈ সাঁজু আছো।কিন্তু তুমি এই সৰু লৰাটোক এৰি দিয়া।ঘৰীয়ালটোৱে বুজালে-ভালদৰে ভাবি গুণি লওক-দেৱী।দুখতে আহি সংকল্প লৈ নলব।হাজাৰ বৰ্ষ যিদৰে কঠোৰ তপস্যা কৰিছে-সেয়া দেৱতাসকল বাবেও সম্ভৱ নহয়।তপস্যাৰ সকলো ফল এই লৰাটোৰ প্ৰাণৰ বাবে গুচি যাব।
দেৱীয়ে কলে-মোৰ কথা নিশ্চিত হয়।মই তোমাক মোৰ তপস্যাৰ ফল দিছো।তুমি লৰাটোক জীৱন দি দিয়া।ঘৰীয়ালটোৱে পাৰ্ৱতীক তপস্যাৰ ফল দিবলৈ সংকল্প কৰালে।তপস্যাৰ ফল দান হোৱাত ঘৰীয়ালটোৰ দেহা ৰশ্মিৰে জিলিকিবলৈ ধৰিলে।ঘৰীয়ালটোৱে কলে-হে দেৱী,চোলা,তপস্যাৰ ফলৰ বাবে মই তেজস্বী হৈ গলো।তুমি জীৱনটোৰ পুঞ্জী এটা সৰু লৰাৰ বাবে ব্যৰ্থ কৰিলা।যদি বিচৰা-তোমাৰ ভুল শুদ্ধৰাবলৈ এটা সুযোগ দিব পাৰোঁ।
দেৱী পাৰ্ৱতীয়ে কলে-হে গ্ৰাহ,তপস্যা মই পুনৰ কৰিব পাৰিম।যদি তুমি এই লৰাটোক খোৱা হলে-এই লৰাটোৰ জীৱন পুনৰ ঘূৰাই পালো হয় নে!চাওঁতে চাওঁতে সেই লৰাটো অদৃশ্য হৈ গল।ঘৰীয়ালটো লুপ্ত হৈ গল।তেতিয়া দেৱী পাৰ্ৱতীয়ে বিচাৰ কৰিলে-মইটো তপস্যাৰ ফল দান কৰি দিলো।এতিয়া পুনৰ তপস্যা আৰম্ভ কৰোঁ।দেৱী পাৰ্ৱতীয়ে পুনৰ তপস্যা কৰিবলৈ সংকল্প ললে।তেতিয়া ভগৱান সদাশিৱই দেখা দি কলে-পাৰ্ৱতী পুনৰ তুমি তপস্যা কিয় কৰিবা?
দেৱীয়ে কলে-প্ৰভূ,মই মোৰ তপস্যাৰ ফল দান কৰি দিলো।আপোনাক স্বামী ৰূপে পোৱাৰ সংকল্পৰে-মই পুনৰ তেনেকুৱাই কঠোৰ তপস্যা কৰি আপোনাক প্ৰসন্ন কৰিম।দেৱীৰ কথা শুনি-মহাদেৱে কলে,ঘৰীয়াল আৰু লৰাটোৰ দুয়ো ৰূপতে ময়ে আছিলো।তোমিৰ চিত্ৰ প্ৰাণীমাত্ৰত নিজৰ সুখ-দুখ অনুভৱ কৰা নে নকৰা!তাকে পৰীক্ষা লবলৈ মই এই লীলা কৰিলো।অসংখ্য ৰূপত দেখা-মই এজনেই হয়।মই অসংখ্য শৰীৰত, বেলেগ বেলেগ শৰীৰত নিৰ্বিকাৰ হয়।তুমি তোমাৰ তপস্যাৰ ফল মোকে দিলা।সেইবাবে পুনৰ তপস্যাৰ কৰাৰ প্ৰয়োজন নাই।দেৱীয়ে মহাদেৱক প্ৰণাম কৰি প্ৰসন্ন মনেৰে বিদায় দিলে।