সম্পূৰ্ণ বিধি-বিধানেৰে তুলসীৰ পূজা কৰিলে ঘৰৰপৰা নকাৰত্মক শক্তি দূৰ হয়

1 min read

শাস্ত্ৰত তুলসীক বহুত পূজনীয় মনা হয়।মনা হয় যে-ঘৰত তুলসী উদ্ভিদ ৰোপণ কৰিলে-আৰু সম্পূৰ্ণ বিধি-বিধানেৰে তুলসীৰ পূজা কৰিলে-ঘৰৰপৰা নকাৰত্মক শক্তি দূৰ হয় আৰু জীৱনত-সুখ-সমৃদ্ধি আহে। ( Religious Studies )

 

জ্যোতিষ আৰু বাস্তু শাস্ত্ৰটো-তুলসীৰ পূজন আৰু তুলসী ৰূপণ কৰাৰ বহু নিয়মৰ কথা কোৱা হৈছে।যি পালন কৰিলে-জীৱনত সুখ-সম্পন্নতা বৰ্তি থাকে।

 

*তুলসীত কেচাঁ গাখীৰ দিব লাগে-

 

*ধাৰ্মিক মান্যতা অনুসাৰে-ৰবিবাৰ,একাদশী,

সূয্যগ্ৰহণ,আৰু চন্দ্ৰগ্ৰহণৰ দিনা বাদ দি-নিয়মিত ৰূপে-তুলসীক জল অৰ্পণ কৰাটো শুভ হয়।জলৰ বাহিৰেও তুলসীত-কেচাঁ গাখীৰ অৰ্পণ কৰিলে-জীৱনৰ দুৰ্ভাগ্যৰ পৰা মুক্তি পোৱা যায়।লগতে এই কথা মন কৰিব লাগে যে-কেতিয়াও তুলসীক অশুদ্ধ হাতেৰে বা স্নান নকৰাকৈ স্পৰ্শ কৰিব নালাগে।অন্যথা মা লক্ষ্মী অসন্তষ্ট হয়।

 

*জ্যোতীষ শাস্ত্ৰ অনুসাৰে-তুলসীত জল অৰ্পণ কৰাৰ আগে-সূয্য দেৱক অধ্য দিব লাগে আৰু তুলসীক জল অৰ্পণ কৰোঁতে তুলসীৰ তিনিবাৰ পৰিক্ৰমা কৰিব লাগে।

 

*এই কথা মন কৰিব লাগে-কেতিয়াও বাথৰূম বা পাকঘৰৰ ওচৰত তুলসী ৰাখিব নালাগে।পূজাস্থলৰ খিৰিকীৰ সন্মুখত-তুলসী উদ্ভিদ ৰাখিব পাৰে।

 

*জ্যোতীষ শাস্ত্ৰ অনুসাৰে-মংগল গ্ৰহৰ লগত সম্বন্ধ হোৱাৰ বাবে-তুলসীত ৰঙা ৰংৰ নহয়-বগা,নীলা বা জিলিকি থকা বস্ত্ৰ দিব লাগে।

 

*তুলসীত জল অৰ্পণ কৰাৰ সময়ত-মহাপ্ৰসাদ জননী সৰ্ব সৌভাগ্যবৰ্ধনী অধিক ব্যাধি প্ৰতি নিত্যম,তুলসী তং নমস্ততে মন্ত্ৰটিৰ জপ কৰিলে-জীৱনত সুখ-সমৃদ্ধি বৰ্তি থাকে।

 

আমাৰ দেশত-এনে বহু গছ আছে-যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়।তাৰে ভিতৰত হল-তুলসী অন্যতম।

 

ঘৰৰ সনুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু পুৰণি।তদুপৰি তুলসী পাত অবিহনে-পূজা অসম্পূৰ্ণ বুলি কোৱা হয়।শাস্ত্ৰত বিশ্বাস কৰা হয় যে-তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে।বিশ্বাস আছে-ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে-সেই ঘৰত সদায় সুখ-সমৃদ্ধি উপচি পৰে।

 

*তুলসী পাত চিঙাৰো কিছু নিয়ম আছে।

 

*তুলসী পাত চিঙাৰ নিয়ম-

 

*যিহেতু তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয়।সেয়ে-তুলসী পাত চিঙাৰ আগে-সদায় তেওঁৰ পৰা অনুমতি লোৱাটো খুবেই প্ৰয়োজনীয়।নহলে-সংসাৰত অৰ্থৰ অভাৱে দেখা দিয়ে।

 

*চোকা অস্ত্ৰৰে তুলসী পাত চিঙিব নালাগে-

 

*স্নান নকৰাকে,

তুলসী গছ বা পাত স্পৰ্স কৰিব নালাগে।

 

*প্ৰয়োজনীয় কাৰণ অবিহনে-তুলসী পাত চিঙা উচিত নহয়।বিশ্বাস কৰা হয় যে-এনে কৰিলে-এনে কৰিলে সংসাৰলৈ দুৰ্ভাগ্য আহে।

 

*পূজাৰ উপৰিও কেৱল স্বাস্থ্যজনিত কাৰণত তুলসী পাত চিঙিব লাগে

 

*তুলসী পাত সন্ধিয়া চিঙা উচিত নহয়।

 

*কোনো ঘৰত কোনো ব্যক্তিৰ মৃত্যু হলে-সেই দিনৰপৰা আগন্তক-১৩দিন পৰ্যন্ত-তুলসী পাত চিঙা উচিত নহয়। ( Religious Studies )

 

*চন্দ্ৰগ্ৰহণ আৰু সূৰ্য্যগ্ৰহণৰ সময়ত আৰু দেওবাৰ,একাদশীৰ নিশা,তুলসী পাত চিঙা উচিত নহয়।

 

*দেওবাৰে তুলসী গছত পানী দিয়া উচিত নহয়।প্ৰতিদিনে সন্ধিয়া তুলসী গছৰ তলত বন্তি জ্বলোৱা শুভ বুলি কোৱা হয়।

 

*তুলসী গছ ঘৰৰ এনে স্থানত ৰাখিব লাগে-যত তুলসী জোপাই মুকলি বতাহ আৰু সূৰ্য্যৰ পোহৰ পায়।

 

*তুলসীৰ শুকান পাত পেলায় দিয়াৰ পৰিৰ্ৱতে-তুলসী গছৰ গুড়িত ৰখা উচিত।

 

*শুকান তুলসী গছ ঘৰত ৰখাটো উচিত নহয়।বিশ্বাস কৰা হয় যে-ঘৰত শুকান তুলসী গছ ৰাখিলে-সেয়া ঘৰৰ সদস্যসকলৰ বাবে দুৰ্ভাগ্যৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

 

*তুলসী গছ-সকলো সময়ত কোনো পাত্ৰত লগোৱা উচিত আৰু চাৰিওফালৰ স্থান-সকলো সময়তে পৰিষ্কাৰ কৰি ৰখাটো উচিত।(সংগ্ৰহিত)।

You May Also Like

More From Author