জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছাঁ ,সাত দিনীয়া শোক দিৱস অগপৰ

1 min read

আঞ্চলিক ৰাজনীতিৰ অন্যতম মহিৰুহ স্বৰূপ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা, দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অসম গণ পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰিছে।

আজি ৰাতিপুৱা ৭ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে। ১৯৮৫ চনত গোলাঘাটত জন্মগ্ৰহণ কৰা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক উপ-সভাপতি পিছলৈ দলটোৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা প্ৰয়াত বড়োৱে ৰঙিয়া বিধান সভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

অসম গণ পৰিষদ দলৰ চৰকাৰৰ সময়ত ৰাজহ মন্ত্ৰী, পৰিকল্পনা মন্ত্ৰী আৰু শেষৰটো কাৰ্য্যকালত শিক্ষামন্ত্ৰী হিচাপে সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰা প্ৰয়াত বড়োৱে বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাও কৰিছিল। ১৯৩৮ চন গুৰমৌ মজলীয়া বিদ্যালয়ৰ পৰা এম ভি পাছ কৰি ৰঙিয়া হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে। সেই সময়ত ৰঙিয়া হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত। কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে শিক্ষা বিভাগত। প্ৰথমে ভাৰতীয় ৰেল বিভাগত কৰ্মৰত আৰু পৰৱৰ্তী পৰ্য্যায়ত বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান। অধ্যাপক হৈ থকা অৱস্থাত নিবাৰণ বৰাৰ পিছত পি এল পিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ।

atul bora2 77পি এল পিৰ সভাপতি হৈ থকা অৱস্থাত গোলাঘাটত গঠন হোৱা অগপ দলৰ উপ-সভাপতি নিৰ্বাচিত। ১৯৮৫ চনৰ পৰা একেৰাহে তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত। প্ৰথমে ৰাজহ মন্ত্ৰী হিচাপে কাৰ্য্যকাল আৰম্ভ। পৰৱৰ্তী সময়ত পৰিকল্পনা আৰু উন্নয়ণ বিভাগৰ দায়িত্ব গ্ৰহণ। অগপ দলৰ দ্বিতীয় কাৰ্য্যকালত শিক্ষামন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ। ইয়াৰোপৰি কিছুদিনৰ বাবে অসম গণ পৰিষদ সভাপতিৰ আসন অলংকৃত কৰে। তিনিটা কাৰ্য্যকালত বিধায়ক হিচাপে থাকে আৰু ৰঙিয়া সমষ্টিত তেখেতৰ অৱদান অতুলনীয়। ৰঙিয়া ৰেল ডিভিজন প্ৰতিষ্ঠাত তেখেতৰ উল্লেখনীয় অৱদান বড়োৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰি দলে এগৰাকী অভিভাৱক হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে। বৰাই লগতে কয় যে, তেখেত আছিল এগৰাকী নিষ্ঠাবান, সৰল আৰু জাতীয় দায়বদ্ধ সম্পন্ন ব্যক্তি। অসমৰ জাতীয় জীৱনৰ লগতে আঞ্চলিক ৰাজনীতিত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তয়ো জ্যেষ্ঠ আঞ্চলিকতাবাদী ৰাজনৈতিক নেতা গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি এগৰাকী আদৰ্শবান অসমৰ হকে চিন্তা কৰা প্ৰকৃত জননায়কক হেৰুৱাবলগা হ’ল বুলি মতপোষণ কৰে।

আজি তেখেতৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়লৈ অনা হয় আৰু দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে দলৰ সকলো স্তৰৰ বিষয়ববীয়াই শেষ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে তেখেতৰ নশ্বৰ দেহ দিশপুৰৰ বিধান সভালৈ নিয়া হয় আৰু তাৰ পৰা ৰঙিয়াত ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানত সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শোক প্ৰকাশ কৰি অসম গণ পৰিষদ দলে সাতদিনীয়া শোক পালনৰ কথা ঘোষণা কৰে।

আজিৰে পৰা অহা ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্য্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে। দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা: কমলাকান্ত কলিতা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, সুনীল ডেকা, ড: তপন দাস আদিৰ লগতে অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, শ্ৰম পৰিষদ অসম, অসম ছাত্ৰ পৰিষদ, অসম ভাষিক সংখ্যালঘু পৰিষদ, অগপ কামৰূপ জিলা সমিতি, অগপ গুৱাহাটী মহানগৰ সমিতি, অগপ ৰঙিয়া বিধান সভা সমষ্টি সমিতি, অগপ দৰং জিলা সমিতি, অগপ নলবাৰী জিলা সমিতি আদিয়েও প্ৰয়াত নেতাগৰাকী বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

You May Also Like

More From Author