পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…

0 min read

পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমানৰ অভিযোগ। ইজনৰ পিছত সিজন কণ্ঠশিল্পী অপমানিত হৈছে বিহু মঞ্চত। কিছুদিন পূৰ্বে কণ্ঠশিল্পী মৌচুম গগৈ, পদ্মনাভ বৰদলৈকে ধৰি বহুকেইগৰাকী শিল্পী অপমানিত হৈছিল বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ গৈ। এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে কণ্ঠশিল্পী সান্নিধ্য ভূঞাৰ সৈতে।বিহু কমিটীয়ে সান্নিধ্য ভূঞাৰ সৈতে যি ব্যৱহাৰ কৰিছিল ইতিমধ্যে সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এতিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে? ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কণ্ঠশিল্পীক অপমানিত কৰা দৃশ্য।

বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহুৰ মঞ্চত সান্নিধ্য ভূঞা অপমানিত হোৱাৰ অভিযোগ উঠিছে। ৩০ মিনিট পলম হোৱাৰ বাবে কমিটিৰ সদস্যই গালি দিয়াৰ অভিযোগ শিল্পীগৰাকীৰ। সামাজিক মাধ্যমযোগে দুঃখ প্ৰকাশ কণ্ঠশিল্পীগৰাকীৰ।

You May Also Like

More From Author