সদায়ে খংত থকা-শনিদেৱৰ কেতিয়াও বিয়া কৰাৰ ইচ্ছা নাছিল।সেইবাবে তেওঁ বিয়া কৰাবলৈ মানা কৰিলে। ( Religious Studies )
কিন্তু শনিদেৱৰ পিতৃ সূয্যদেৱৰ শনিদেৱৰ বিয়া পাতিবলৈ বিচাৰিছিল।সেইবাবে সূয্যদেৱে শনিদেৱৰ বিবাহ এক গন্ধৰ্ব কন্যা ধামিনী লগত কৰি দিলে।
নিজৰ পিতৃৰ আজ্ঞা পালন কৰি-শনিদেৱেও বিবাহ কৰালে।কিন্তু তেওঁ ধামিনীক মনৰ পৰা নিজৰ পত্নী স্বীকাৰ কৰা নাছিল।
ধামিনী-
শনিদেৱৰ লগত সুখী সুখী থাকিবলৈ ললে।বহু সময় পাৰ হৈ গল।এদিনাখন ধামিনী শনিদেৱৰ ওচৰলৈ গল-আৰু ধামিনীয়ে শনিদেৱক কলে-মোক পত্নীৰ দৰে সন্মান লাগে।আৰু মোক এটা পুত্ৰ লাগে।
ধামিনীৰ কথা শুনি শনিদেৱে কয় যে-কি পুত্ৰ!মইটো তোমাক নিজৰ পত্নী বুলি স্বীকাৰ নকৰোঁ।এয়া কয়-শনিদেৱে ধামিনীক ভালে বেয়াই কবলৈ ধৰিলে।
শনিদেৱৰ কথা শুনি-ধামিনী ক্ৰোধিত হল-আৰু শনিদেৱক শাপ দিলে যে-যি দৰে আপুনি মোক কাৰো লগত চকুত চকু ৰাখি কথা কবলৈ যোগ্য কৰি নাৰাখিলে-ঠিক তেনেদৰে আপুনিও কাৰো লগত দৃষ্টি ৰাখি কথা পাতিব নোঁৱাৰিব। ( Religious Studies )
যি ব্যক্তিয়ে শনিদেৱৰ চকুলৈ চাব-সেইজনে শনিদেৱৰ প্ৰকোপ সহিব লগীয়া হব।ধামিনীৰ শাপক শুনাৰ পাছত-সকলো দেৱতাগণে ভয় খায়,আৰু ধামিনীক তেওঁৰ শাপ ঘূৰাই লবলৈ কয়।
সকলো দেৱতাগণৰ মিনতী শুনি-ধামিনীও মান্তি হয়।কিন্তু শাপক ঘূৰাই লোৱাটো সম্ভৱ নাছিল-সেইবাবে ধামিনীয়ে কলে যে-মহাদেৱৰ নাম লৈ যিয়ে শনিদেৱৰ চকুলৈ চাব-তেতিয়া শনিদেৱৰ প্ৰকোপ কম হব।
এইকাৰণেই শনিদেৱৰ পূজা-অন্য দেৱতাসকলোতকৈ বহুত বেলেগ হয়।আৰু শনিদেৱৰ ভক্তই শনিদেৱৰ চকুলৈ নাচায়।
শনিদেৱ সকলো দেৱতাতকৈ ভিন্ন হয় আৰু যিয়ে তেওঁৰ কথা শুনে-তেওঁলোকৰ সকলো দুখ দূৰ হয়।