বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমকন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ।
৩ মাৰ্চৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে।
পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই।