ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক।
মেষ : হোলীয়ে সুখ–সমৃদ্ধি কঢ়িয়াই আনিব। পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰিব। সৃজনশীলতা বাঢ়িব।
বৃষ : এই হোলীত হেৰাই যোৱা বন্ধুৰ সৈতে পুনৰ দেখা হ’ব পাৰে। উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে।
মিথুন : ব্যক্তিগত আৰু পেছাগত জীৱনৰ সমস্যা আঁতৰিব হোলীৰ বতৰত। পদোন্নতিৰ সম্ভাৱনা আছে।
কৰ্কট : এইবাৰৰ হোলীয়ে জীৱনত ইতিবাচক প্ৰভাৱ লৈ আহিব। সেই শক্তিৰ প্ৰভাৱত নিজৰ মাজত আনন্দ অনুভৱ কৰা সম্ভৱ হ’ব।
সিংহ : হোলিকাদহন পৰ্বৰ পৰাই সমস্ত চাপ আঁতৰি যাবলৈ আৰম্ভ কৰিব। অতীতৰ সমস্ত সমস্যাও সমাধান হ’ব।
কন্যা : প্ৰশান্ত মন, পুনৰুজ্জীৱনে সহায় কৰিব। হোলীৰ সময়ৰে পৰা কৰ্মক্ষেত্ৰত শুভ পৰিৱৰ্তন হ’ব। নতুন ব্যৱসায় লাভৰ সম্ভাৱনা আছে।
তুলা : হোলীত আৰ্থিক বা আন সমস্যাৰ উদ্ভৱ হ’ব পাৰে। কিন্তু শীঘ্ৰে সেয়া সমাধান হ’ব। উৎসৱৰ শেষত অৰ্থাগমনৰ সম্ভাৱনা।
বৃশ্চিক : ব্যক্তিগত আৰু পেছাগত জীৱনত নতুন সুযোগ আহিব। চাকৰি বা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।
ধনু : স্বাস্থ্যৰ প্ৰতি নজৰ ৰখা প্ৰয়োজন, বিশেষকৈ খাদ্যাভাসত। ব্যক্তিগত সম্পৰ্কত নতুন গতি লাভ কৰিব পাৰে।
মকৰ : হোলীৰ সময়ত জীৱনত উত্থান–পতন আহিব পাৰে। নতুন সম্পৰ্ক সৃষ্টি হ’ব পাৰে। ব্যয় নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।
কুম্ভ : এই হোলীত সুখবৰ আহিব।ষ মানসিক উদ্বেগ দূৰ হ’ব। আৰ্থিক সমস্যা হ’লেও শীঘ্ৰে আঁতৰ হ’ব।
মীন : আনন্দৰে হোলী পাৰ হ’ব। তাৰ পিছতে জীৱনত পৰিৱৰ্তন আহিব পাৰে। সমস্ত দিশতে শুভ প্ৰভাৱ থাকিব।