গণেশ পুৰাণৰ অনুসাৰে-ভগৱান শ্ৰী গণেশৰ বাহন-মুষক(নিগনি)পূৰ্ৱ জনমত-এক গন্ধৰ্ব আছিল।যাৰ নাম-ক্ৰঞ্চ আছিল।( Religious Studies )
এবাৰ দেৱৰাজ ইন্দ্ৰৰ সভাত-ভুলতে ক্ৰঞ্চৰ ভৰি মুনি বামদেৱৰ ওপৰত পৰিল।মুনি বামদেৱে ভাৱিলে যে-ক্ৰঞ্চে তেওঁৰ লগত ধেমালি কৰিছে।সেইবাবে-মুনি বামদেৱে খংতে-ক্ৰঞ্চক নিগনি হোৱাৰ শাপ দিলে।সেই শাপৰ বাবে-ক্ৰঞ্চ এটা নিগনি হল।কিন্তু সেই নিগনি-বিশাল আকাৰৰ আছিল।সেই নিগনি-ইমানে বিশাল আছিল যে-সেই নিগনিৰ সন্মুখলৈ অহা সকলো বস্তুকে ধ্বংস কৰি দিছিল।তেনেদৰে-এদিন সেই নিগনি মহৰ্ষি পৰাশৰৰ আশ্ৰম পালেগৈ। আশ্ৰমত গৈ পায়-নিগনিটোৱে নিজৰ অভ্যাসৰ অনুসৰি-মাটিৰ সকলো সামগ্ৰী ধ্বংস কৰিলে।আৰু আশ্ৰমত উৎপাট কৰিবলৈ ধৰিলে।
নিগনিটোৱে আশ্ৰমৰ গছ-গছনি উভালি পেলালে আৰু সকলো বস্ত্ৰ আৰু গ্ৰন্থসমূহক কুটি পেলালে।সেইসময়ত মহৰ্ষি আশ্ৰমত ভগৱান শ্ৰী গণেশ উপস্থিত আছিল।মহৰ্ষি পৰাশৰে-এই সকলোবোৰ কথা ভগৱান শ্ৰী গণেশক কলে।তেতিয়া-ভগৱান শ্ৰী গণেশে সেই মুষক’ক এটা শিক্ষা দিয়াৰ কথা ভাবিলে।ভগৱান শ্ৰী গণেশে-মুষক’ক ধৰিবলৈ নিজৰ পাশা পেলালে।পাশাই মুষকক ধৰিবলৈ-মুষকৰ পাছে পাছে পাতাল লোক পালেগৈ।সেই-পাশা মুষকৰ ডিঙিত লাগি ধৰিলে।পাশাই ধৰাত মুষক মূৰ্চা গৈছিল।পাশাই টনাত-মুষক ভগৱান শ্ৰী গণেশৰ সন্মুখত উপস্থিত হল।আৰু যেতিয়াই মুষকে চকু মেলিলে-তেতিয়া নিজকে-মুষকে ভগৱান শ্ৰী গণেশৰ সন্মুখত পালে।( Religious Studies )
*তেতিয়া অলপো সময় পলম নকৰাকৈ-মুষকে ভগৱান শ্ৰী গণেশৰ আৰাধনা কৰি দিলে আৰু নিজৰ প্ৰাণৰ ভিক্ষা বিছাৰিলে।ভগৱান শ্ৰী গণেশ-মুষকৰ প্ৰাৰ্থনাত প্ৰসন্ন হল আৰু মুষক’ক কলে-তুমি সকলোকে বহুত কষ্ট দিলা।মই দুষ্টৰ নাশ আৰু সাধু পুৰুষৰ কল্যাণৰ বাবেহে অৱতাৰ লৈছো।কিন্তু শৰণাগতৰ ৰক্ষা কৰাটো মোৰ পৰম ধৰ্ম হয়।সেইবাবে-যি বৰদান লাগে-বিছাৰিব পাৰা।গণেশৰ কথা শুনি-সেই উৎপত্তীয়া মুষক অহংকাৰেৰে ভৰি পৰিল আৰু ভগৱান শ্ৰী গণেশক কলে-মোক আপোনাৰ পৰা একো নালাগে-কিন্তু আপুনি যদি বিছাৰে-মোৰ পৰা বৰ বিছাৰিব পাৰে।মুষকৰ গৰ্বৰে ভৰা বাণী শুনি-ভগৱান শ্ৰী গণেশ মনতে হাঁহি মাৰিলে-আৰু কলে-যদি তোমাৰ বচন সত্য হয়-তেন্তে মোৰ বাহন হোৱা।
*মুষকে-অলপো সময় পলম নকৰাকে-তথাস্তু কলে।ভগৱান শ্ৰী গণেশ হাঁহি মাৰি-তৎক্ষণাত মুষকৰ ওপৰত বহি পৰিল।এতিয়া শক্তিশালী গজাননৰ ভাৰত দবি-মুষকৰ প্ৰাণ সংকটত পৰিল।তেতিয়া-মুষকে গজাননৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে-তেওঁ নিজৰ ভাৰ-মুষকে যাতে লব পাৰে-তাৰ যোগ্য কৰি লওক।এইদৰে-মুষকৰ গৰ্ব ধ্বংস কৰি-ভগৱান শ্ৰী গণেশে মুষকক নিজৰ বাহনৰ যোগ্য কৰি ললে।
*এইবাবেই আজিও লোকসকলে-ঘৰত-নিগনিয়ে উৎপাত কৰিলে-ভগৱান শ্ৰী?গণেশৰ আৰাধনা কৰে।