নাজিৰা নগৰত হোলীৰ নামত একাংশ যুৱকৰ অতপালি।কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ ।

1 min read

নাজিৰা নগৰত হোলীৰ নামত একাংশ যুৱকৰ অতপালি।কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ ।

নাজিৰাত হোলীৰ নামত অসভ্যালি।

যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ অহা কৰ্তব্যৰত যানবাহন আৰক্ষীক প্ৰহাৰ একাংশ উদণ্ড যুৱকৰ।

মহিলা আৰক্ষী যোৱানৰ গাতো হাত তুলিলে একাংশ উদণ্ড যুৱকে।

হোলীৰ নামত একাংশ যুৱকে সুৰাপান কৰি মাতাল হৈ নাজিৰা নগৰত সৃষ্টি কৰিলে উদ্ভণ্ডালিৰ।

এই উদ্ভণ্ডালিয়ে পালেগৈ চৰম সীমাৰ।কৰ্তব্যৰত আৰক্ষীক সুৰাৰ ৰাগিত মাতাল হৈ কৰিলে প্ৰহাৰ।

নাজিৰা নগৰৰ ব্যস্ততাপূৰ্ণ যি পথ সেই পথচোৱাত হোলী উদযাপন কৰিবলৈ নাজিৰা প্ৰশাসনে কিদৰে অনুমতি দিয়ে সিও এক আশ্চৰ্য্যৰ বিষয়।

নাজিৰা মহকুমা প্ৰশাসনে নাজিৰা নগৰৰ পথৰ মাজ মজিয়াত এইদৰে হোলী উদ্‌যাপন কৰিবলৈ অনুমতি দিয়াৰ পিছত অধিক যানজট সৃষ্টি হোৱাত যানজট ভাঙিবলৈ যোৱাত এইদৰে আৰক্ষীক প্ৰহাৰ কৰে একাংশ উদণ্ডযুৱকে।

ইয়াৰ উপৰিও আৰক্ষীৰ বাহনো কিছু ক্ষতি হোৱা পৰিলক্ষিত হয়।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

You May Also Like

More From Author