মহাদেৱৰ পূজাৰ নিয়ম

1 min read

সোমবাৰৰ দিনত ভগৱান শিৱক উচৰ্গা কৰা হয়।এই দিনটোত পূজা কৰিলে-ভগৱান শিৱ-অতি সোনকালে সন্তষ্ট হয় আৰু শুভ ফল পোৱা যায়।( Religious Studies )

শাস্ত্ৰত কোৱা হয় যে-ভগৱান শিৱ অতি সহজে সন্তষ্ট হয়। অলপমান জল-বেলপাততো মহাদেৱ সন্তষ্ট হৈ-ভক্তসকলক তেওঁলোকৰ ইচ্ছা পূৰণৰ বাবে আৰ্শীবাদ দিয়ে। ভগৱান শিৱৰ আৰ্শীবাদ পাবলৈ সোমবাৰৰ দিনটো অতি বিশেষ বুলি গণ্য কৰা হয়।এই দিনটোত ব্ৰত পালন কৰি-সঠিকভাবে পূজা কৰিলে-ভোলানাথৰ কৃপা লাভ কৰিব পাৰি।

*জ্যোতিষ শাস্ত্ৰৰ মতে-সোমবাৰে মহাদেৱক জল অৰ্পণ কৰিলে ৰাশিফলত চন্দ্ৰ শক্তিশালী হয়।কেৱল-এয়াই নহয় মহাদেৱৰ পূজা কৰিলে-এজন ব্যক্তিয়ে বহু সমস্যাৰ পৰা মুক্তি পায়। কিন্তু ভগৱান শিৱক পূজা কৰাৰ সময়ত-কিছুমান বিশেষ সাৱধানতাৰ অৱলমন কৰাৰ প্ৰয়োজন।

*সোমবাৰে নিয়মিত ভাৱে-ভগৱান শিৱক পূজা কৰক।

১/শাস্ত্ৰ অনুযায়ী-যত শিৱলিংগ প্ৰতিষ্ঠা হয়-তাত পূৱ দিশলৈ মুখ কৰি বহিব নালাগে।

২/শিৱলিংগৰ উত্তৰ দিশলৈ মুখ কৰি বহি নাথাকিব। কোৱা হয় যে-ভগৱান শিৱৰ বাঁও অংগ এই দিশত আছে আৰু দেৱী উমাৰ স্থান আছে।( Religious Studies )

৩/মহাদেৱৰ পূজা কৰোঁতে-পশ্চিম দিশত শিৱলিংগৰ ফালে-মুখ কৰি বহি নাথাকিব। কোৱা ক্ষয় যে-ভগৱান শিৱৰ পিঠি এই দিশত।এনে-পৰিস্থিতিত পাছফালৰ পৰা পূজা কৰিলে-ঈশ্বৰৰ পূজাৰ শুভ ফল পোৱা নাযায়।

৪/শিৱলিংগৰ দক্ষিণ দিশলৈ মুখ কৰি বহিব লাগে।এই দিশত বহি পূজা কৰিৰে-পূজা সোনকালে গ্ৰহণ কৰা হয় আৰু মনৰ ইচ্ছা পূৰ্ণ হয়।

৫/শাস্ত্ৰত লিখা আছে যে-দক্ষিণমুখী মহাকালৰ পূজাৰ অতি গুৰুত্ব আছে।এনে পৰিস্থিতিত উজ্জয়িনী আৰু অন্যান্য দক্ষিণমুখী শিৱলিংগৰ পূজা কৰিব লাগে।

৬/শিৱলিংগৰ দক্ষিণ দিশত বহি-ত্ৰিপুণ্ড ভষ্মা লগাব লাগে বুলি শাস্ত্ৰত কোৱা হৈছে।ৰুদ্ৰাক্ষৰ মালা পিন্ধিব লাগে।ইয়াৰ লগতে শিৱলিংগত নফটা-নিচিঙা বেলপাত অৰ্পণ কৰিব লাগে।

৭/শিৱলিংগত কেতিয়াও সম্পূৰ্ণৰূপে প্ৰদক্ষিণ কৰা উচিত নহয় বুলি শাস্ত্ৰতকোৱা হৈছে। শিৱলিংগৰ আধা পৰিক্ৰমা কৰাটো শুভ বুলি গণ্য কৰা হয়। (সংগ্ৰহিত)

You May Also Like

More From Author