হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। এটাও পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী। লগতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে।
এই বিষয়কলৈ চি আই দিয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে প্ৰশ্ন কাকত ফাদিলকলৈ ডিব্ৰুগড়ৰৰ ছল্টব্ৰুক একাডেমীৰ ৭ জনকৈ ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে৷ লগতে একাডেমীখনৰ অধ্যক্ষকো সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
এই তদন্তৰ পিছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে ডিজিটেলি ধনৰ লেনদেন তথ্য লাভ কৰিছে ডিব্ৰগড় আৰক্ষীয়ে ৷ আটকাধীন ছাত্ৰকেইজনৰ পৰা ৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত লেন দেন হোৱাৰ কথা সদৰি কৰে আৰক্ষীয়ে।
দেওবাৰে মাজনিশা বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতে পৰীক্ষা স্থগিত ৰাখিবলগীয়া হৈছিল৷ যাৰ ফলত এই বিষয়লৈ ফলত উজনিৰ পৰা নামনি সৰ্বত্ৰে চৰ্চা অব্যাহত হৈছে৷ ইয়াৰ মাজতো ধেমাজিৰ এজন ছাত্ৰই আন এক বিস্ফোৰক স্বীকাৰোক্তি দিছে যে বিজ্ঞান বিষয়ৰ পূৰ্বে ফাদিল হৈছিল গণিত বিষয়ৰো প্ৰশ্ন কাকত৷