আন যুৱতীৰ সৈতে স্বামীৰ অবৈধ সম্পৰ্কঃ প্ৰতিবাদ কৰাত গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ…

0 min read

গুৱাহাটী হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ অহাৰ সময়তে এইবাৰ তেনে এক অনুৰূপ ঘটনা পোহৰলৈ আহিছে বকোৰ পৰা। ঘটনা অনুসৰি বকোত এজন লোকে নিজৰ গৰ্ভৱতী পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে।

প্ৰাৰম্ভিক খবৰ অনুসৰি অভিযুক্তই আন এগৰাকী মহিলাৰ প্ৰেমত পৰাৰ পিছতে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অসমৰ দক্ষিণ কামৰূপৰ বকোৰ পৰা এই হত্যাকাণ্ড সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে।

উল্লেখ্য যে মাত্ৰ ছমাহ পূৰ্বে এই যুটিয়ে বিবাহপাশত আবদ্ধ হৈছিল। বকোৰ কলহকাছ গাঁৱৰ অসীম উদ্দিনৰ কন্যা ১৭ বছৰীয়া নাবালিকা যুৱতীগৰাকীক একে গাঁৱৰে শ্বান মিয়ানৰ পুত্ৰ আখতাৰ হুছেইনে পলোৱাই আনি বিয়াত বহিছিল।

অৱশ্যে তেওঁক বিয়া কৰাই অতি সোনকালেই অভিযুক্ত আখতাৰ হুছেইনে আন এগৰাকী মহিলাৰ সৈতে অভিসাৰত লিপ্ত হয়। এই কথাত ভুক্তভোগী পত্নীয়ে আপত্তি কৰাটোৱেই এতিয়া তেওঁৰ হত্যাৰ আঁৰৰ কাৰণ বুলি সন্দেহ কৰা হৈছে।

মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে, হত্যাৰ সময়ত যুৱতীগৰাকী দুমাহৰ গৰ্ভৱতী আছিল। স্বামীৰ অবৈধ সম্পৰ্কত আপত্তি কৰাৰ পিছতে আখতাৰ হুছেইনে তেওঁক হত্যাৰ পৰিকল্পনা আৰম্ভ কৰিছিল বুলি অভিযোগ কৰে ভুক্তভোগীৰ পৰিয়ালে।

You May Also Like

More From Author