সোমবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত হয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ( ২০১৮-২০১৯) অনুষ্ঠানত ।
অনুষ্ঠানত বিভিন্ন কলা – কুশলীৰ লগতে নাহিদেও লাভ কৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। বৰ্তমান নাহিদে লাভ কৰা এই অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈয়ে আৰম্ভ হৈছে বিতৰ্ক । কিন্তু কিয় ?
তথ্য অনুসৰি কণ্ঠদান নকৰা গীতৰ বাবে বঁটা পালে কণ্ঠশিল্পী নাহিদ আফ্ৰীনে । নিজানৰ গান চলচ্চিত্ৰৰ ‘ নিলাতে লুকা ভাকু ‘ গানটোৰ বাবেই নাহিদক প্ৰদান কৰা হ’ল শ্ৰেষ্ঠ নেপথ্য গায়িকা।
কিন্তু প্ৰকৃততে গীতটোত কণ্ঠদান কৰিছে ৰূপজ্যোতি দেৱীয়ে । বঁটা প্ৰদানৰ পাছতেই এতিয়া সৃষ্টি হৈছে নাহিদ আফ্ৰিনে ৰাজ্যিক বঁটা পোৱাক লৈ বিতৰ্ক ।