পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে চীন৷ কৰ’না নহয়, এইবাৰ কীট-পতংগৰ বৰষুণক লৈ বাতৰিৰ শিৰোনাম হৈ পৰিছে দেশখন৷ ছ’চিয়েল মিডিয়াত চীনত হোৱা কীট-পতংগৰ বৰষুণৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে৷ য’ত দেখা গৈছে বৰষুণৰ সৈতে জাকে জাকে আকাশৰ পৰা কীট-পতংগ সৰি পৰা দৃশ্য৷ বেইজিঙত সংঘটিত হৈছে এই ঘটনা৷ ভিডিঅ’টোত দেখা গৈছে বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰা কীট-পতংগই ঢাকি ধৰা বাট-পথৰ লগতে পথৰ দাঁতিত ৰাখি থোৱা বাহন আৰু অট্টালিকাৰ ছাদসমূহ৷ শিহৰণকাৰী এই ঘটনাৰ পৰা ৰক্ষা পাবলৈ পথাচাৰীসকলক আনকি ছাতি মেলি লোৱাও দেখা গৈছে ভিডিঅ’টোত৷ পিছে ক’ৰ পৰা এনেদৰে জাকে জাকে কীট-পতংগসমূহ বৰষুণৰ সৈতে নামি আহিছে, সেই বিষয়ে জানিব পৰা হোৱা নাই৷ অৱশ্যে বিজ্ঞানভিত্তিক আলোচনী ‘মাদাৰ নেচাৰ নেটৱৰ্কে’ এই বিষয়ে এক ব্যাখ্যা আগবঢ়াইছে৷ আলোচনীখনৰ মতে জাকে জাকে সৰি পৰা কীট-পতংগসমূহ প্ৰথমতে মাটিৰ তলৰ পৰাই ওলাই আহিছিল৷ পাখি গজি ওলাই অহা কীট-পতংগসমূহক এটা সময়ত প্ৰৱল বতাহে আকাশলৈ উৰুৱাই নিয়ে৷ আকাশত উৰি থকা পোক-পতংগসমূহ পাছত বৰষুণত তিতি পাখি গধুৰ হৈ পৰাত সৰি পৰিবলৈ ধৰে৷ যি কি নহওক, চীনৰ ৰাজধানী চহৰখনত কীট-পতংগক কেন্দ্ৰ কৰি হঠাতে সৃষ্টি হোৱা এনে আচহুৱা পৰিৱেশক লৈ স্বাভাৱিকতে বেইজিংবাসীৰ মাজত আতংকই বিৰাজ কৰিছে৷ বহুতোৰ মতে কৰ’নাৰ পাছত হঠাৎ কীট-পৰুৱাক লৈ সৃষ্টি হোৱা এই পৰিৱেশ আন এক বিপদৰ আগজাননী নহয়তো?
বিশ্বত চাঞ্চল্য: চীনত কীট-পতংগৰ বৰষুণ!
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025