কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ ছয় বিধায়কে…

1 min read

“অহা লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ আগে আগে পৰ্যায়ক্ৰমে বিজেপিৰ ৬ গৰাকী বিধায়কে যোগ দিব কংগ্ৰেছ দলত”। কংগ্ৰেছ দলৰ সাংগঠনিক কামত গহপুৰলৈ যোৱা তেজপুৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰ.পি শৰ্মাই দেওবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰি কয় যে, বিজেপি দলতও কংগ্ৰেছৰ এজেণ্ট আছে। সেইবাবে বিজেপি দলৰ বহু ভিতৰুৱা খবৰ পোৱা যায়।

টোলটেক্স, ঔষধৰ দাম বৃদ্ধিকে ধৰি আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰসংগত আৰ.পি শৰ্মাই কয় যে, শাসকীয় বিজেপি দলে সাধাৰণ ৰাইজক কুঁহিয়াৰ চেপা দি চেপিছে। মূল্যবৃদ্ধিৰ বোজাত এতিয়া সাধাৰণ ৰাইজ কোঙা হৈ পৰিছে যদিও সাধাৰণ ৰাইজৰ কথা ভাবিবলৈ এতিয়া সময় নাই চৰকাৰখনৰ। দুখীয়াৰ মূৰত কৰৰ বোজা জাপি সেই কৰৰ ধন আদানীৰ দৰে বৃহৎ পুঁজিপতি গোষ্ঠীক অৰ্পন কৰি দৰিদ্ৰ শ্ৰেণীক ডেঙি-চেপি ধৰিছে এইখন বিজেপি চৰকাৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল অসমলৈ অহাৰ প্ৰাকমূহুৰ্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক সৰ্তকবাণী শুনোৱাৰ প্ৰসংগত আৰ.পি শৰ্মাই কয় যে, বাক স্বাধীনতা খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই। বাক স্বাধীনতা সংবিধান প্ৰদত্ত অধিকাৰ।কথা কলেই যদি কেছ দিয়াৰ হুংকাৰ দিয়ে তেতিয়াহলে কেজৰিৱালক হিমন্ত বিশ্বই দিনটো বান্ধি থৈ সন্ধিয়া খুলি দিয়াৰ ব্যৱস্থা কৰিলে আৰু ভাল হ’ব বুলি মন্তব্য কৰে।

যিহেতু সকলো বিৰোধী একলগ হোৱাৰ এটা পৰিৱেশ তৈয়াৰ হৈছে, সেইবাবে কেজৰিৱাল অসমলৈ অহাক লৈ যথেষ্ট শংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ আৰু দুবছৰ কাৰাদণ্ডৰ প্ৰসংগই ৰাহুল গান্ধীৰ নাম ইতিহাসৰ পাতত জিলিকি তুলিব বুলি উল্লেখ কৰে আৰ.পি শৰ্মাই। অসমত কংগ্ৰেছ দলৰ ভেটি এতিয়াও শক্তিশালী অৱস্থাত আছে বুলিও উল্লেখ কৰে।

তদুপৰি আৰ.পি শৰ্মাই কয় যে, কংগ্ৰেছ দলটো এজোপা বৰগছৰ দৰে। ৰিপুন বৰাৰ প্ৰস্থানে কংগ্ৰেছ দলটো ক্ষতি কৰাৰ বুলি অকপটে স্বীকাৰ কৰি আৰ পি শৰ্মাই লক্ষণীয় ভাৱে কয় যে সকলো বিৰোধী একলগ হ’লে ৰিপুন বৰায়ো একেখন বিৰোধী মঞ্চৰ অংশীদাৰ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব। লগতে কয় বিৰোধী একত্ৰিত হোৱাৰ যি এক পৰিৱেশ গঢ়ি উঠিছে সেই পৰিৱেশক লৈ এতিয়া ভীষণ প্ৰত্যাহ্বান নামি আহিছে বিজেপিৰ মাজলৈ।

You May Also Like

More From Author