তেজৰ পৰা চুগাৰ শোষণ কৰি লোৱা পাকঘৰৰ বিশেষ মচলাকেইবিধ

1 min read

বৰ্তমানৰ সময়ত ডায়েবেটিছ এক অতি সচৰাচৰ সমস্যা হৈ পৰিছে। এইটো লাইষ্টাইলৰ সৈতে হোৱা এটা সমস্যা। ডায়েবেটিছ, প্ৰথমতে জীৱনশৈলী আৰু দ্বিতীয়তে আনুবংশিক কাৰণত হ’ব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীসকলে আহাৰৰ বিশেষ যত্ন ল’ব লাগে, কিয়নো যদি এনে নকৰে, পিছলৈ শৰীৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হ’ব পাৰে।

• ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা পাকঘৰৰ বিশেষ মচলাকেইবিধঃ

~ ডালচেনি

ডায়েবেটিছ ৰোগীৰ বাবে ডালচেনি অতিকৈ উপকাৰী। ইয়াৰ বাবে ডালচেনি কেইটুকুৰামান সৈ ইয়াক ভালদৰে পানীত দি উতলাওক। তাৰ পিছত ভালদৰে ফিল্টাৰ কৰি পানীখিনি খাওক। ডালচেনিৰ এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণ আছে, সেয়েহে ইয়াক ডায়েবেটিছ ৰোগীৰ বাবে ভাল বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও, ইয়াত এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণো পোৱা যায়। সেয়েহে টাইপ-২ ডায়েবেটিছৰ আশংকা হ্ৰাস কৰাত ডালচেনি উপযোগী।

~ মেথি গুটি
মেথিৰ গুটিবোৰ এটা বাচনত লৈ গোটেই নিশা পানীত তিয়াই ৰাখক। তাৰ পিছত পিছদিনা পুৱা খালী পেটত এই পানীখিনি খাব। মেথি গুটিত কাৰ্বোহাইড্ৰেট শোষণ কৰিব পৰা গুণাগুণ থাকে যাৰ ফলত হজম শক্তি উন্নত হয়। ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ লগতে, হৃদযন্ত্ৰক স্বাস্থ্যবান কৰি ৰখা আৰু বেয়া কলেষ্টেৰলও হ্ৰাস কৰাত মেথিৰ গুটি অতি উপকাৰী।

~ আদা
সকলোৰে পাকঘৰত উপলব্ধ আদা সৰু সৰু টুকুৰাত কাটি গুৰি কৰি ল’ব। তাৰ পিছত এটা চচপেনত একাপ পানী আৰু আদা লৈ ভালদৰে উতলাই চাহ বনাই ল’ব। ইয়াৰ পিছত ইয়াক গৰম অৱস্থাত খাব। আদা চাহ খালে, ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

You May Also Like

More From Author