বিশ্বত বিৰল এজোপা তমাল গছক কেন্দ্ৰ কৰি নগাঁৱৰ পুৰণিগুদামত গছ বিহু উদযাপন

0 min read

সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামত থকা এজোপা দুষ্প্ৰাপ্য,বিশ্বত বিৰল তমাল গছত বিহুৱান পিন্ধাই উদ্‌যাপন কৰা হয় গছ বিহু ৷ অৰণ্য সুৰক্ষা সমিতি,অসম আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত পুৰণিগুদামৰ সমীপৰ নলবৰাগাঁৱত অনুষ্ঠিত হয় এই গছবিহুৰ পুৰণিকলীয়া পৰম্পৰা ৷ এক সুন্দৰ পৰিৱেশত অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰামায়ণত উল্লেখিত চাৰিওফালে সুগন্ধি বিলোৱা তমাল গছজোপাৰ তলত প্ৰথমে বন্তি প্ৰজ্বলন কৰে লোক শিল্পী দিজু শৰ্মাই ৷ শতবৰ্ষ গৰকা গছ জোপা নিজা উদ্যোগত সংৰক্ষণৰ ব্যৱস্থা কৰা দিজু শৰ্মাই আনুষ্ঠানিকভাৱে গছ বিহুৰ কাৰ্য্যসূচী শুভ উদ্ধোধন কৰি সকলোকে ৰঙালী বিহু আৰু অসমীয়া নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বন বিভাগ আৰু বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনক গছজোপাৰ বংশ বৃদ্ধি আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ শিশু বন্ধু দুলাল বৰাই আঁট ধৰা অনুষ্ঠানটোত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু অৰণ্য সুৰক্ষা সমিতি,অসমৰ নগাঁও জিলা সমিতিৰ অধ্যক্ষ হিৰণ্য কুমাৰ চমুৱাই একোখনকৈ অসমীয়াৰ আদৰৰ ফুলাম গামোছা পৰিধান কৰাই বিহুৰ উলগ জনায় ৷ অনুষ্ঠানটোত বহুকেইগৰাকী গন্যমান্য লোকে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন

You May Also Like

More From Author