সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্যাতনৰ বলি হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ পক্ষত থিয় হৈছে BJPৰ নেতৃত্ব ৷ অংকিতাই বিচাৰিলে সহায় কৰাৰো আশ্বাস দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ ইতিমধ্যে বিষয়টোক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগেও গোচৰ লৈছে ৷ পিছে কংগ্ৰেছত সুৰক্ষিত নোহোৱা অংকিতা দত্তই দল এৰি যোগ দিব নেকি শাসকীয় BJPত?
ৰাষ্ট্ৰীয় নেতাৰ নিৰ্যাতনৰ বলি অসমীয়া জীয়ৰী অংকিতা দত্ত (Ankita Dutta) ৷ হাইকমাণ্ডে নিদিয়ে ন্যায় ৷ হাইকমাণ্ডে নিদিয়ে সুৰক্ষা ৷ অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তই প্ৰথমে সামাজিক মাধ্যমযোগে IYCৰ সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে আনে গুৰুতৰ অভিযোগ৷ এই বিষয় লৈ কেৱল অসমতেই নহয়, সৰ্বভাৰতীয় পৰ্যায়তো কংগ্ৰেছক (Congress) বিতত কৰি তোলে ৷ শ্ৰীনিৱাসৰ গোটে অংকিতা দত্তই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ এখন ফটো ভাইৰেল কৰি দাবী কৰিছে যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ঘনিষ্ঠ ড° অংকিতা ৷ BJPৰ সৈতে যোগাযোগত আছে অংকিতা ৷ পিছে সঁচাকৈয়ে ড° অংকিতা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ নেকি? অংকিতা দত্তই BJPত যোগ দিব নেকি?
এই প্ৰশ্নবোৰ অৱতাৰণা হোৱাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁৱত দিলে আন এক ইংগিত ৷ মুখ্যমন্ত্ৰীয়ে ক’লে— অংকিতাই বিষয়টো মুখ্যমন্ত্ৰীক জনালে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব
দলৰ মাজত কি চলিছে কংগ্ৰেছৰ? বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দলত শৃংখলা থকাৰ কথা উনুকিয়ালে ৷ ক’লে- “অংকিতা দত্ত সৰু ছোৱালী হ’ব পাৰে ৷ কিন্তু শিক্ষা-দীক্ষাত আৰু ৰাজনীতিত পৰিপক্ব ৷ সকলো দলতে অনুশাসন থকাতো প্ৰয়োজন ৷”
কংগ্ৰেছৰ একাংশ নেতাই অংকিতা দত্তৰ পক্ষত থিয় দিছে ঠিকেই, কিন্তু দলৰ হাইকমাণ্ড নীৰৱ আৰু নিতাল ৷ বিষয়টোক লৈ সৰৱ হৈ পৰিছে BJPৰ নেতৃত্ব ৷ একেমুখে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে ড° অংকিতাৰ হৈ মাত মাতিছে ৷ পিছে নিজ দলৰ হাইকমাণ্ডৰ পৰা ন্যায় নোপোৱা অংকিতা দত্তই শেষত কি শাসকীয় BJPলৈ গমন কৰিব? বিষয়টো লাখটকীয়া ৷ BJPৰ নেতৃত্ব বা মুখ্যমন্ত্ৰীয়ে এই বিষয়ত কোনো ইংগিত দিয়া নাই ৷ ইংগিত দিয়া নাই অংকিতা দত্তয়ো ৷ এই বিষয়ত অংকিতা দত্তলৈ আইনী জাননী দিয়া IYCৰ সভাপতি শ্ৰীনিৱাসৰ অধিবক্তাৰ উত্তৰ দিবলৈ সাজু হৈছে অংকিতা দত্তৰ অধিবক্তা ৷