মা’ৰ মৃত্যুৰ বহুদিন পিছত মা’ই লিখা এখন চিঠি মা’ৰ কোঠা পৰিষ্কাৰ কৰোতে পালে পুত্ৰই ! চিঠিখন দেখি কোঠালি পৰিস্কাৰ কৰিব এৰি চিঠিখন পঢ়িবলৈ ল’লে পুত্ৰই , লিখা আছিল , ” বোপাই , তোমাৰ হাতত যিদিনা এই চিঠিখন পৰিব সিদিনা মই বহু দূৰৈত গুচি যাম, যি ঠাইৰ পৰা কোনোবা কেতিয়াও ঘূৰি আহিব নোৱাৰে 😭 ; বোপাই তোৰ বহু কথা মনত নাই সেইবাবেই মই চিঠিখন লিখি থৈছিলোঁ , তোমাক বহুত ভাল পাওঁ যে মই, মই তোমাৰ মা বোপাই সোঁন মোৰ “।
বোপাই, তুমি যেতিয়া সৰু আছিলা তেতিয়া এবাৰ তোমাৰ খুব জ্বৰ উঠিছিল, মই তিনি নিশা শুব পৰা নাছিলোঁ, তোমাক বুকুৰ মাজত লৈ বহি আছিলোঁ, কাৰণ তোমাক বিচনাত দিলে তুমি কান্দি কান্দি উঠিছিলা, তোমাৰ দেউতাই মোক কৈছিল মই হেনো তোমাক টোপনি নিয়াব জনা নাছিলো, আৰু সেইবাবেই মোক বহু কথাৰে গালি দিছিল তোমাৰ দেউতাই !
“বোপাই ও , ৰাতি ৰাতি তুমি যেতিয়া শুই গৈছিলা তেতিয়া সঘনাই তুমি পেচাব কৰি বিছনা তিয়াই দি কান্দিছিলা , আৰু মই তোমাক বাৰে বাৰে শুকান কাপোৰ পিন্ধাই দি পুনৰ শুকান ঠাইত শুৱাই দি তিতি থকা ঠাই খিনিত ময়ে শুই গৈছিলোঁ”।
ও বোপাই মোৰ , তোমাৰ দেউতাৰ যেতিয়া মৃত্য হৈছিল তেতিয়া অনেক কষ্ট ভোগ কৰিছিলোঁ মই, আৰু বহু কষ্টৰে সংসাৰ চলাইছিলো ; এটা কণী সিজাই তাক দুটুকুৰা কৰি দুবেলা তোমাক খাবলৈ দিছিলোঁ , মই খাইছিলোঁ নিমখ ভাত কিন্তু সেইটো তোমাক বুজিবলৈ দিয়া নাছিলোঁ বোপা ; যেতিয়া ৰান্ধিবলৈ ঘৰত চাউল নোহোৱা হৈছিল তেতিয়া লোকৰ ঘৰত কাম কৰি চাউল আনিছিলোঁ, তথাপি তোমাক জানিবলৈ নিদিছিলোঁ মই “
“বোপাই ও , তুমি হয়তো পাহৰি গৈছা, যেতিয়া তোমাৰ মেট্ৰিক পৰীক্ষাৰ বাবে ফিছ ( fees ) দৰকাৰ হৈছিল তেতিয়া মই তোমাৰ দেউতাই দিয়া শেষ চিহ্ন অৰ্থাৎ মোৰ নাকৰ নাকফুল টি বিক্ৰী কৰি দিছিলোঁ ; আৰু বহু কথা আছে বোপাই যিবোৰ লিখিব গলে হয়তো বহীখন শেষ হৈ যাব তথাপি লিখা শেষ নহ’ব” !
“বোপা, তুমি হয়তো ভাবিছা মই ইমান কথা কিয় লিখি গলো ; বোপা তুমি ডাঙৰ হৈ এটি ভাল চাকৰি পালা, আৰু কিছুদিন পিছত বিয়া হ’লা, তেতিয়াও তোমাৰ মনত মই ভালে আছিলোঁ , কিন্তু যিদিনা তোমাৰ কোঠালিৰ পৰা টকা চুৰি হৈছিল সেইদিনা তুমি তোমাৰ টকাখিনিৰ বিষয়ে মই কিবা জানো নেকি সুধিছিলা , মই সেইদিনা বুজি পাইছিলোঁ যে তুমি মোকে চোৰ বুলি ভাবিছিলা যদিও তুমি মোক চিধাকৈ প্ৰকাশ কৰা নাছিলা”।
“আৰু কিছুদিন পিছত সেই পইচা খিনি চুৰি হোৱা হেতুকে তুমি মোক অন্য এটি গৃহত থাকিবলৈ নিৰ্দেশ দিছিলা ; বোপাই , মোৰ সেই ঘৰটিত থাকিবলৈ খুব ভয় হৈছিল কিয়নো তুমি থকা ঘৰৰ পৰা মোক থাকিবলৈ দিয়া ঘৰটি বহু নিলগত আছিল আৰু তোমাকো কৈছিলোঁ মই সেইটো কথাটি , কিন্ত তুমি কৈছিলা যে মৰণ আহিব লাগিলে সকলোতে আহিব হেনো”!
“মোৰ হাতৰ বিষটো বাঢ়ি গৈছিল, তোমাক কৈছিলো ঔষধ আনি দিয়াৰ কথা কিন্তু তুমি কৈছিলা যে বয়স হ’লে ঔষধ খোৱা বেয়া , নিজে নিজে ঠিক হৈ যাব ! ; বোপাই লাহে লাহে মোৰ বেমাৰ বাঢ়িছিল, বিছনাৰ পৰা মই উঠিব নোৱাৰা হৈছিলোঁ, দেহ বিচনাত লাগি গৈছিল , দেহৰ পৰা দুৰ্গন্ধ ওলাইছিল বহুদিন গা ধুব নোৱাৰা হেতুকে “।
“বোপাই, তোমালোকে থকা ঘৰটো আছিল মোৰ ঘৰটোৰ পৰা বহু দূৰৈত , তুমি কেতিয়া ঘৰৰ পৰা অফিচ গৈছিলা কেতিয়া ঘৰলৈ উভটি আহিছিলা সেয়া মই মোৰ নৰিয়া অৱস্থাত একো গম নোপোৱা হৈ গৈছিলোঁ, আৰু বহুত দুখ অনুভৱ কৰিছিলোঁ , যিমান মোক নৰিয়াই কষ্ট দিছিল তাতোকৈ বেছি, তথাপি কেকাই বেকাই খিৰিকীৰ লোহাত ধৰি মূৰটো পোনাই পথৰ ফালে খিৰিকীৰে চাই আছিলোঁ সদায় মই ৰাতিপুৱা কেনেবাকৈ তোমাক দেখা পাম বুলি অহা যোৱা কৰোতে “।
“বোপা, তুমি যেতিয়া সৰু আছিলা মই কিন্তু তোমাক কেতিয়াও মোৰ চকুৰ আঁতৰত ৰখা নাছিলোঁ আনকি মই যেতিয়া খাব বহিছিলো তোমাক কোলাত লৈহে বাহিছিলো”।
” বোপাই , তুমি সৰু থাকোতে যেতিয়া মোৰ কোলাত পাইখানা কৰিছিলা পৰিচ্ছন্ন কৰিবলৈ মোৰ কেতিয়াও ঘৃণা লগা নাছিল কিন্তু মই যেতিয়া নৰীয়াত পৰি থাকিলোঁ তুমি মোৰ কোঠালিত সোমায় আহোঁতে নাকত ৰুমাল ঢাকি সোমাইছিলা মোৰ দেহৰ গোন্ধ ওলোৱা হেতুকে , তুমি যেতিয়া শেষ দিনৰ বাবে মোৰ কোঠালিত সোমাই পৰিছিলা সেইদিনা মোৰ বহু ইচ্ছা গৈছিল তোমাক প্ৰচণ্ড জোৰেৰে বুকুত সাবটি ধৰিবলৈ , কিন্তু মই নোৱাৰিলোঁ তোমাৰ দামী পেন্ট চুটজোৰ লেতেৰা হৈ পৰিব বুলি, কাৰণ মই এযোৰ কাপোৰে বহুদিন পিন্ধি বিচনাত আছিলোঁ আৰু বহুদিন গা ধোৱা নাছিলোঁ আৰু মোৰ দেহত তেতিয়া বহু কেইটামান জ্বলা ফুটিবলৈ আৰম্ভ কৰিছিল “
” অ বোপাই, তুমি কেতিয়াও মোক নুসুধিলা মোৰ কিবা খাবলৈ মন গৈছে নে বুলি, খোৱাৰ কথা বেলেগ বহুদিন তোমাৰ মুখৰ পৰা মা বুলি মাত এষাৰ শুনা নাছিলোঁ মই, কিমান দিন বা হৈছে সেয়াও হিচাপ নাই মোৰ ; বোপা, মোৰ কি অপৰাধ আছিল তুমি যে মোক তোমাৰ পৰা বহু দূৰৈত ৰাখিছিলা, বোপা তুমি মোক তোমাৰ ওচৰত কিয় ৰাখিব নোৱাৰিলা , মোক এখন কাপোৰ কিনি দিব কিয় নোৱাৰিলা , মোক এজন চিকিৎসকৰ ওচৰলৈ কিয় লৈ নগলা ?”
“বোপা, মোক এজন চিকিৎসকৰ ওচৰলৈ লৈ গলে হয়তো কিছুদিন আৰু জীয়াই থাকিলোঁ হেঁতেন ; বোপা, কোনো মা’ই সন্তানৰ পৰা পেট ভৰাই খাব নোখোজে , মাত্ৰ মন ভৰি ‘মা’ সম্বোধন টি শুনিব বিচাৰে , যিটো তুমি বুজিবলৈ চেষ্টাই নকৰিলা বোপাই , অ মোৰ সোঁন !“বোপাই, শেষত কথা এটি কওঁ , তুমি এই চিঠিখন যেনে তেনে তোমাৰ সন্তানক পঢ়াই শুনাবা এবাৰ হলেও, কাৰণ তুমি বৃদ্ধ হলে যাতে তোমাৰ সৈতে একে আৰু অনুৰূপ ঘটনা নঘটে যিটো মোৰ সৈতে হৈ গল, কাৰণ তুমি মোৰ বুকুৰ কুটুম বোপাই ; ভালে থাকিবা, তুমি মোৰ সোঁন, মোৰ বোপা “।