মঙলবাৰে ছিকিমৰ নাথুলা অঞ্চলত হোৱা ভয়াৱহ হিমস্খলনত কমেও ৭ জন পৰ্যটক নিহত হোৱাৰ লগতে ১১ জন আহত হয়। কেইবাজনো পৰ্যটক বৰফৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
ভাৰতীয় সেনাই (Indian Army) কয় যে, “বিয়লি ৩ বজালৈকে ১৪ জন লোকক উদ্ধাৰ কৰি ওচৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে ৭ জন লোকৰ মৃত্যু হয়। বাকী ৭ জন লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গেংটকলৈ ঘূৰাই অনা হয়।”
ইয়াৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে উদ্ধাৰ আৰু ক্লিয়াৰেন্স অভিযান এতিয়াও চলি আছে। উদ্ধাৰ অভিযানত ছিকিম আৰক্ষী আৰু ভাৰতীয় সেনাৰ দল জড়িত হৈ আছে।
সীমান্ত পথ সংস্থাইও (Border Road Organization) উদ্ধাৰ অভিযান আৰম্ভ কৰে অঞ্চলটোত। গভীৰ উপত্যকাৰ ৬ জনকে ধৰি এতিয়ালৈকে ২২ জন পৰ্যটকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
জৱাহৰলাল নেহৰু মাৰ্গৰ ১৫ নং মাইলৰ খুঁটিৰ সমীপত পুৱা প্ৰায় ১১:১০ বজাত সংঘটিত হয় এই হিমস্খলন। ইফালে পথটো যাতায়তৰ বাবে মুকলি কৰি দিছে BROই।
চীনৰ সীমান্তত অৱস্থিত নাথুলা পাছৰ দৃশ্যপটৰ সৌন্দৰ্য্যৰ বাবে ই এক প্ৰধান পৰ্যটনস্থলী।
নাথুলাৰ পৰা পথ অৱৰোধ কৰাৰ বাবে পথত আবদ্ধ হৈ থকা প্ৰায় ৩৫০ জন লোক আৰু ৮০ খন বাহনকো ঘূৰাই অনা হয় বুলি বিষয়াসকলে জনায়।