জীৱনত যিমান দুখ আহিলেও এই কাহিনীয়ে সুখত থাকিবলৈ শিকাই দিব..

1 min read

পৃথিৱীত দুই ধৰণৰ মানুহ থাকে ।এক প্ৰকাৰৰ মানুহ হ’ল- যি অলপ সমস্যা আহিলেই ভয় খাই দুখ কৰে। দ্বিতীয় প্ৰকাৰৰ মানুহ হ’ল- যিসকলৰ জীৱনত যিমান সমস্যা আহিলেও সুখত থাকে। ( Assamese Fact )

সকলো সময়তে নিজকে স্বম্ভালি ৰাখে। এক প্ৰকাৰৰ মানুহ হ’ল- সেইসকল যিসকলৰ তাত সকলো থকাৰ পাছতো দুখত থাকে।দ্বিতীয় প্ৰকাৰৰ মানুহ হ’ল-সেইসকল যিসকলৰ তাত কিবা থাকক বা নাথাকক সদায় সুখত থাকে। হাঁহি থাকে।

আজি আমি আপোনালোকক এনেকুৱা তিনিটা কাহিনী কম। আপোনালোকৰ জীৱনত যিমান সমস্যা আৰু দুখ আহিলেও এই কাহিনীকেইটাই আপোনালোকক সুখত আৰু হাঁহি থাকিবলৈ শিকাই দিব ।

প্ৰথমতো কাহিনী- এজন ফাকীৰে দেশৰ যাত্ৰা কৰিবলৈ উলাল। ৰাস্তাত যেতিয়া ৰাতি হ’ল তেতিয়া তেওঁ এজন মানুহৰ ঘৰত থাকিলে। মানুহজনৰ নাম হ’ল- আনন্দ। আনন্দয়ে ফকীৰজনৰ বহুত সেৱা কৰিলে। দ্বিতীয় দিনা আনন্দয়ে ফকীৰজনক উপহাৰ দি বিদায় দিলে।

ফকীৰজন আনন্দৰ সেৱা শুশ্ৰূষাত বহুত প্ৰসন্ন হৈছিল। সেই কাৰণে তেওঁ আনন্দক আশীৰ্বাদ দিলে তুমি সদায় আগবাঢ়ি গৈ থাকিবা। ফকীৰজনৰ কথা শুনি আনন্দয়ে হাঁহিবলৈ ধৰিলে আৰু ক’লে- বাবা এতিয়া যি আছে সেইয়া ও আৰু নাথাকে।ফকীৰজনে আনন্দৰ ফালে চাই থাকিল আৰু তাৰ পাছত তাৰ পৰা গুচি গ’ল।

কিছু বছৰৰ পৰা ফকীৰজন আকৌ আনন্দৰ ঘৰলৈ আহিলে। আহি দেখিলে তেওঁৰ সকলো ধন-সম্পত্তি নাইকীয়া হৈ গ’ল আৰু তেওঁ গাঁৱৰ এজন জমিদাৰৰ ঘৰত কাম কৰে। সেই ফকীৰজনে আনন্দক লগ কৰিবলৈ গ’ল। আনন্দয়ে অভাৱতো সেই ফকীৰজনক স্বাগতম জনালে। জুপুৰিৰ ফটা ধাৰিত তেওঁক বহিবলৈ দিলে। খাবলৈ যি শুকান ৰুটি তেওঁৰ তাত আছিল সেইয়া ফকীৰজনক দি দিলে। দ্বিতীয় দিনা যোৱা সময়ত ফকীৰজনৰ চকুত চকু পানী আছিল আৰু তেওঁ ক’লে- হেই, ভগৱান তুমি এইবোৰ কি কৰিলা। আনন্দয়ে আকৌ হাঁহিলে আৰু ক’লে- বাবা আপুনি কিয় দুখ কৰিছে এইবোৰ যি হৈছে, ভগৱানে আমাক যি অৱস্থাতে ৰাখক আমি সদায় সুখত থাকিব লাগে আৰু ধন্যবাদ দিব লাগে। সময় সদায় সলনি হৈ থাকে।এইবোৰো নাথাকে।

তেতিয়া ফকীৰজনে ভাবিবলৈ ধৰিলে- মইটো দেখাতহে ফকীৰ। সঁচা ফকীৰটো তুমিহে আনন্দ। কিছু বছৰৰ পাছত ফকীৰজন আকৌ যাত্ৰা কৰিবলৈ উলাল। তাৰ পাছত আনন্দক লগ পাই আচৰিত হ’ল।আনন্দ এতিয়া জমিদাৰৰো জমিদাৰ আছিল। তেওঁ গম পালে যিজন জমিদাৰৰ ঘৰত আনন্দয়ে কাম কৰিছিলে তেওঁৰ কোনো ল’ৰা- ছোৱালী নাছিল। সেই কাৰণে মৰা সময়ত জমিদাৰ জনে নিজৰ সকলো সম্পত্তি আনন্দক দি দিলে। ফকীৰজন বহুত সুখী হ’ল। তেতিয়া তেওঁ আনন্দক ক’লে- ভাল হ’ল সেই সময়খিনি পাৰ হৈ গ’ল। ভগৱানে কৰক তুমি এতিয়া এনেকেই সদায় থাকা। এইটো শুনি আনন্দয়ে আকৌ হাঁহিবলৈ ধৰিলে আৰু ক’লে- বাবা এতিয়াও আপোনাৰ ধাৰণা সলনি হোৱা নাই।

তেতিয়া ফকীৰজন ক’লে- এইয়াও নাথাকে নেকি? তেতিয়া আনন্দয়ে ক’লে- হয় ।হয়তো এইবোৰ যাব ,ন’হলেবা এইবোৰক নিজৰ মনা জন যাব। ইয়াত একো সদায় নাথাকে। যদি কিবা থাকে তেতিয়া সেইটো হ’ল আমাৰ আত্মা। এইটোৱে আমাৰ মনৰ শান্তি , বাকী যিবোৰ আছে সেইবোৰ কেতিয়াও সদায় নাথাকে।ফকীৰজনে আনন্দৰ কথা বহুত ধ্যান দি শুনিলে আৰু আকৌ গুছি গ’ল।

কিছু বছৰৰ পিছত ফকীৰজন যেতিয়া সেইখন গাঁৱে দিয়ে গৈছিল তেতিয়া দেখিলে আনন্দৰ সেই ঘৰটো আছে। কিন্তু আনন্দ নাই। তাত পাৰবোৰে মাতি আছে কিন্তু আনন্দ এতিয়া এই পৃথিৱীত আৰু নাছিল। তেওঁৰ মৃত্যু হৈছিল। কৈ আছে আকাশে এই সময়বোৰ একো নহয়। কান্দি আছে গছ-গছনিয়ে পৃথিৱীত একো নাই। যাৰ ঘৰত জ্বলিছিলে হাজাৰতা ৰঙৰ পোহৰ এতিয়া তাৰ মৰিশালীত শূণ্যতাৰ বাদে একো নাই।

সেই ফকীৰজনে মনে মনে ভাবিবলৈ ধৰিলে- মানুহে জীৱনত কিমান দৌৰি ফুৰে, কান্দি থাকে,দুখত থাকে। যিবোৰ বস্তু কাৰণে মানুহে জীৱনত কিমান দৌৰি ফুৰে, কান্দি থাকে,দুখত থাকে। বাস্তৱত সেই সকলোবোৰ বস্তু সদায় নাথাকে। সেই সকলোবোৰ বস্তু সলনি হয় যায়।

এই কাহিনীটোৱে আমাক শিক্ষা দিয়ে আমাৰ জীৱনত যেতিয়াই যি সমস্যাই আহঁক বা দুখ আহঁক আমি ভাবিব লাগে যে জীৱনত আগতে অহা সমস্যাবোৰ ৰ’ল জানো, সদায় থাকিল জানো। যেনেকে সদায় সমস্যা আহি গুচি যায় তেনেকে এইটো সমস্যাও গুচি যাব। এইটো ও সদায় নাথাকে। তেতিয়া আপোনালোকৰ জীৱনত যিমান ডাঙৰ দুখ হ’লেও,সমস্যা হ’লেও আপোনালোকে মনত এইটো বিশ্বাস ৰাখিব, এইবোৰ সমস্যা,এইবোৰ দুখ সদায় নাথাকে।

দ্বিতীয় কাহিনী- এজন ব্যক্তি মৰো মৰো হৈ আছিল। তেওঁ নিজৰ পুতেকক এটা ৰূপৰ পইচাৰে ভৰা টোপোলা দিলে। তাৰ পিছত ক’লে- যেতিয়া এই টোপোলাৰ পৰা ৰূপৰ পইচাবোৰ শেষ হৈ যাব তেতিয়া মই এটা তোমাক প্ৰাৰ্থনা শিকাম যিটো গালে আকৌ এই টোপোলা ৰূপৰ পইচাৰে ভৰি পৰিব। তেওঁ নিজৰ পুতেকৰ কাণত চাৰিটা শব্দৰ প্ৰাৰ্থনাটো ক’লে। তাৰ পিছত তেওঁৰ মৃত্যু হ’ল। ( Assamese Fact )

এতিয়া তেওঁৰ পুতেকে ৰূপৰ পইচাৰে ভৰা টোপোলা পাই বহুত সুখী হ’ল আৰু খৰচ কৰিবলৈ ধৰিলে। সেই টোপোলাটো ইমান ডাঙৰ আছিল যে তাক খৰচ কৰিবলৈ বহুত বছৰ লাগি গ’ল। সিমান দিনে সি সেই চাৰিটা শব্দৰ প্ৰাৰ্থনাটোৱে পাহৰি গ’ল। যেতিয়া টোপোলাটো শেষ হ’ব হ’ল তেতিয়া তাৰ মনত পৰিল আৰু সি ভাবিলে সেই চাৰিটা শব্দৰ প্ৰাৰ্থনাটো কি আছিল। সি বহুত চেষ্টা কৰিলে কিন্তু তাৰ মনতেই নপৰিলে।

তাৰ পিছত সি মানুহবোৰক সুধিবলৈ ধৰিলে।প্ৰথমতে ওচৰৰ মানুহ ঘৰক সুধিলে এনেকুৱা কিবা প্ৰাৰ্থনা জানা নেকি য’ত চাৰিটা শব্দ আছে। তেতিয়া ওচৰৰ মানুহ ঘৰে ক’লে- অ’ মই এটা চাৰিটা শব্দৰ প্ৰাৰ্থনা জানো। ভগৱান মোক সহায় কৰা। সি শুনি ভাবিলে এইটো সেইকেইটা শব্দ নহয়। সেইকেইটা শব্দ বহুত বেলেগ ধৰণৰ আছিল। সি বহুত চাৰিটা শব্দৰ প্ৰাৰ্থনা বাৰে বাৰে গাই চালে। কিন্তু সেই টোপোলাটোত পইচা নাবাঢ়িলেই ।

সি মনে মনে বহুত দুখ কৰিলে। তাৰ পিছত সি এজন ব্ৰাহ্মণক লগ পালে সেই ব্ৰাহ্মণজনে ক’লে- তুমি এইটো প্ৰাৰ্থনা কৰা। ভগৱান তুমি মহান। কিন্তু এই প্ৰাৰ্থনাটোৰ পৰাও একো নহ’ল। আকৌ সি এজন ধনী মানুহ পালে। তেওঁ ক’লে- তুমি এইটো প্ৰাৰ্থনা কৰা। ভগৱান মোক ধন দিয়া।কিন্তু এই প্ৰাৰ্থনাটোৰ পৰাও একো নহ’ল।

শেষত সি উদাস হৈ নিজৰ ঘৰত বহি থাকিল। তেতিয়া এজন ভিক্ষাৰী তাৰ ঘৰলৈ আহিল আৰু ক’লে- মই ৰাতিপুৱা পৰা একো খোৱা নাই। খাবলৈ কিবা আছে যদি মোক দিয়া। সি বাচি থকা খাদ্য সেই ভিক্ষাৰীজনক দি দিলে। সেই ভিক্ষাৰীজনে খাদ্য খাই ভগৱানক প্ৰাৰ্থনা কৰিলে।হেই,ভগৱান তোমাক ধন্যবাদ।

হঠাতে সি চক্ খাই উঠিল আৰু চিঞৰিবলৈ ধৰিলে এইকেইটা সেই চাৰিটা শব্দ আছিল। সি সেই চাৰিটা শব্দৰ ক’লত তাৰ খালি টোপোলাতো আকৌ ৰূপৰ পইচাৰে ভৰি পৰিল।

এই কাহিনীটোও আমাৰ জীৱনৰ লগতেই জড়িত। সেই খালি টোপোলাতো আমাৰ জীৱন। সেই ৰূপৰ পইচাবোৰ আমাৰ সুখ। যেতিয়ালৈকে আমি জীৱনত গোচৰ দি থাকিম, চিন্তাত থাকিম তেতিয়ালৈকে আমাৰ জীৱনৰ খালি টোপোলাতোলে সুখৰ সেই ক্ষণবোৰ নাহে।

কিন্তু যেতিয়া আমি সকলো গোচৰ আৰু চিন্তা বাদ দি ভগৱানক আৰু প্ৰকৃতিক মনৰ পৰা ধন্যবাদ দিওঁ। তেতিয়া আমাৰ জীৱনতো সুখৰ পইচাৰে বা সুখৰ ক্ষণবোৰে ভৰি পৰে। মনত ৰাখিব যিসকল ব্যক্তিয়ে সদায় গোচৰেৰে ভৰি থাকে তেওঁলোক কেতিয়াও সুখত থাকিব নোৱাৰে। যিজন ব্যক্তিয়ে সদায় ধন্যবাদৰ ভাৱণাৰে ভৰি থাকে সেইজন ব্যক্তি সদায় সুখত থাকে বা তেওঁক সদায় সুখ, শান্তিত থকা দেখা যায়।

তৃতীয়টো কাহিনী- এজনী চৰাইয়ে এডৰা খেতিত বাহ বনাই তাত কণী পাৰিলে। তাৰ পৰা দুটা পোৱালি উলাল। চৰাইজনীয়ে খাদ্য আনিবলৈ সদায় জংঘললৈ যায় আৰু সেই সময়ত তাইৰ পোৱালি দুটা সদায় অকলে থাকে। চৰাইজনী যেতিয়া ঘূৰি আহে তেতিয়া পোৱালি দুটায়ে বহুত ভাল পায় আৰু তাই অনা খাদ্য খাই।

এদিন চৰাইজনীয়ে দেখিলে পোৱালি দুটায়ে বহুত ভয় কৰি আছে। সিহঁতি ক’লে- আজি খেতি ডৰাৰ মালিকজন আহিছিল আৰু তেওঁ কৈছে ধান পকিলে কাইলৈ ল’ৰাকেইটাক দাবলৈ ক’ব। এনেকুৱা হ’লে আমাৰ বাহটো ভাগি যাব তাৰ পাছত আমি ক’ত থাকিম। তেতিয়া চৰাইজনীয়ে ক’লে- চিন্তা নকৰিবা। এতিয়া ধান নোদোৱাই। পাছদিনা সচাঁকৈয়েই একো নহ’ল।

এসপ্তাহৰ পিছত চৰাইজনীয়ে দেখিলে পোৱালি দুটায়ে আকৌ বহুত ভয় কৰি আছে।সিহঁতি ক’লে- আজি খেতি ডৰাৰ মালিকজন আকৌ আহিছিল আৰু কৈছিল কাইলৈ চাকৰক কৈ ধান দোৱাব। তেতিয়া চৰাইজনীয়ে ক’লে- চিন্তা নকৰিবা।একো নহয়।

আকৌ পিছৰ সপ্তাহত পোৱালি দুটায়ে ক’লে- আজি খেতি ডৰাৰ মালিকজন আকৌ আহিছিল আৰু কৈছিল ধান দুৱোৱাৰ বহুত দেৰি হৈ গ’ল সেই কাৰণে কাইলৈ তেওঁ নিজেই আহি ধান দাব।তেতিয়া চৰাইজনীয়ে ক’লে- কাইলৈ ধান এইবাৰ সচাঁকৈয়ে দাব। তাই নিজৰ পোৱালি দুটাক লৈ এডখৰ সুৰক্ষিত স্থানলৈ গুচি গ’ল।

পোৱালি দুটায়ে আচৰিত হৈ মাকক সুধিলে- তুমি কেনেকে গম পালা এইবাৰ ধান সচাঁকৈয়ে দাব। তেতিয়া সেই চৰাইজনীয়ে ক’লে- যেতিয়ালৈকে মানুহ আনৰ ওপৰত নিৰ্ভৰ হৈ থাকে, তেতিয়া তাৰ কাম সম্পূৰ্ণ হোৱাত সদায় সন্দেহ হৈ থাকে। কিন্তু যেতিয়া মানুহে নিজৰ কাম নিজেই কৰিম বুলি ভাবি লয় তেতিয়া সেই কামটো হ’বয়েই।

এই কাহিনীটোৱে আমাক শিক্ষা দিয়ে যে যেতিয়া আমি আনৰ ওপৰত নিৰ্ভৰ হৈ থাকোঁ সদায় আনৰ ওপৰতে আশা কৰি থাকোঁ। তেতিয়ালৈকে আমাৰ কাম ভালকৈ কেতিয়াও নহয়। কিন্তু যিদিনা আমি সকলো কাম নিজেই কৰিম বুলি ভাবি লওঁ তেতিয়া আমাৰ সেই সকলোবোৰ কাম সদায় সম্পূৰ্ণ হয়।

You May Also Like

More From Author