নিউজিলেণ্ডত ৰঙালী বিহু উদযাপন

1 min read

সাত সাগৰ তেৰ নদীৰ সিপাৰে কৰ্মসূত্ৰে নিউজিলেণ্ডত থকা প্ৰৱাসী অসমীয়াই আজি উলহ মালহেৰে পালন কৰিলে হেপাহৰ ৰঙালী বিহু৷ অসম ছোচাইটী অফ নিউজীলেণ্ডৰ উদ্যোগত আজি ৱেলিংটন চহৰৰ লোৱাৰ হাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় অসমৰ বাপতি সাহন ৰঙালী বিহু ৷ আদৰণি ভাষণেৰে ৰঙালী বিহুৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসম ছোচাইটী অফ নিউজিলেণ্ডৰ সভাপতি ড° নাছিৰ আহমেদে ৷ ভাষণ প্ৰসংগত সভাপতিয়ে প্ৰৱাসী অসমীয়া সকলে নিজ মাতৃভূমিৰ পৰা আঁতৰত থাকিও নিজৰ সংস্কৃতিক প্ৰাণোৱন্ত কৰি ৰখাৰ প্ৰচেষ্টাৰ শলাগ লয় ৷ ৰঙালী বিহুৰ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত বিহু নৃত্যৰ লগতে নামঘোষা, বৰগীত, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰ লগতে অসমৰ লোকগীত আৰু ভূপেন হাজৰীকাৰ গীতে মোহাচ্ছন্ন কৰে বিহু বাকৰিত উপস্থিত নিউজীলেণ্ডবাসীক ৷ ৰঙালী বিহুৰ লগত সংগতি ৰাখি ‘কুঁহিপাত’ নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয় ৷ গ্ৰন্থ উন্মোচনী সভাত ড° নাছিৰ আহমেদৰ লগতে দীপিকা শৰ্মা,নিলাক্ষী শৰ্মা, জিলমিল বৰা,ৰাজদ্বীপ বৰুৱা, ৰেইছা লাইছ, ধনজিৎ কলিতা, সৌৰভ সান্যাল আদিও উপস্থিত থাকে ৷
উল্লেখযোগ্য যে প্ৰৱাসী অসমীয়াৰে গঠিত অসম ছোচাইটী অফ নিউজিলেণ্ডে নিউজীলেণ্ডত অসমীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ লগতে বিভিন্ন সমাজ হিতকৰ কামত আগভাগ লৈ আহিছে ৷

You May Also Like

More From Author