ভাৰতৰ এটা মন্দিৰ, য’ত পূজা কৰা হয় কুকুৰক…

1 min read

আমি বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ দেখিছো বা শুনিছো । কিন্তু আপুনি গ’ম পালে আচৰিত হ’ব যে ভাৰতত এনেকুৱা এটা মন্দিৰ আছে য’ত কুকুৰক পূজা কৰা হয় । এই মন্দিৰটো ‘কুকুৰদেৱ’ মন্দিৰ নামেৰে জনাজাত।

এই মন্দিৰৰ নিৰ্মানৰ কাহিনী শুনিলে আচৰিত হ’ব আপুনিও ।

এই মন্দিৰটো চট্টীশগড়ৰ ৰায়পুৰৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ দুৰত থকা দুৰ্গ জিলাৰ খপৰী গাঁৱত অৱস্থিত। এই মন্দিৰটোত এটা কুকুৰৰ প্ৰতিমা স্থাপিত আছে । তাৰ ওচৰতে আছে এটা শিৱলিংগ ।

উল্লেখ্য যে, শাওন মাহত এই মন্দিৰটোত অজস্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় ।

ভক্ত সকলে শিৱৰ লগতে কুকৰদেৱৰো পূজা কৰে ।

এই মন্দিৰৰ দেৱালয়ৰ দুইকাষে কুকুৰ প্ৰতিমা আছে । জানিব পৰা মতে এটা কুকুৰৰ স্মৃতিত এই মন্দিৰটো নিৰ্মান কৰা হৈছিল ।

You May Also Like

More From Author