দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ জাননী প্ৰেৰণ কৰিছিল । সুৰানীতি কেলেংকাৰী সন্দৰ্ভত আপৰ নেতগৰাকীক সোধ পোছৰ বাবে উপস্থিত হ’বৰ নিৰ্দেশ প্ৰদান কৰিছে ৷
আপৰ নেতাগৰাকীক চি বিআয়ে তলব কৰাকলৈ ক্ষোভিত হৈছে দলটোৰ নেতা, কৰ্মী ৷ এই লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আপৰ সদস্যসকলে ৷
দেশৰ অন্য ঠাইৰ লগতে গুৱাহাটীতো ৰাইজে আজি অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত আৰু প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি চচলৰ ধৰ্ণাস্থলীলৈ লৈ যায় ।