মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি প্ৰসংগত ডিজিপি জি পি সিঙৰ সংবাদমেল

1 min read

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদানৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদমেল সম্বোধন কৰে। সিঙে উল্লেখ কৰে যে হত্যাৰ ভাবুকি দিছে ‘শিখ ফৰ জাষ্টিচ’ৰ মুৰব্বী গুৰ পতোৱান সিং পান্নুৱে। এই সংগঠনটোক ২০১৯ চনত ভাৰত চৰকাৰে আইনবিৰোধী বুলি ঘোষণা কৰি থৈছে। আৰু ২০২০ চনত গুৰ পতোৱান সিং পান্নুক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে। এই সংগঠনটো নিউয়ৰ্কস্থিত সংগঠন আৰু পান্নু কানাডাত এগৰাকী উকীল ৰূপে কৰ্মৰত। তেওঁৰ বিৰুদ্ধে ভাৰত চৰকাৰে ইতিমধ্যে লুক আউট ন’টিচ জাৰি কৰি থৈছে। পান্নুৰ ঘৰ পাঞ্জাৱৰ অমৃতচৰত। ভাৰত চৰকাৰে ইতিমধ্যে পান্নুৰ সম্পত্তিও বাজেয়াপ্ত কৰিছে।

সিঙে লগতে উল্লেখ কৰে এই দিশত অসম আৰক্ষীৰ তৰফৰ পৰা গোচৰ ৰুজু কৰা হৈছে আৰু কেন্দ্ৰীয় সংস্থাক এই অডিঅ’ ক্লিপ প্ৰদান কৰা হৈছে, যাতে এই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব আৰোপৰো ব্যৱস্থা কৰা হৈছে।

খালিস্তান বিচ্ছিন্নতাবাদী প্ৰসংগত এই ভাবুকি অহাত সিঙক সোধা হয় যে অসমত এনে খালিস্তান সমৰ্থিত কোনো লোক আছে নেকি? সিঙে কয়- ”অসমৰ শিখ সম্প্ৰদায়ৰ লোকসকল ভদ্ৰ আৰু মই নাভাবোঁ যে তেওঁলোকে এনে কোনো কৰ্মত নিয়োজিত হ’ব। কিন্তু যেতিয়াৰ পৰা সংগঠনটোৰ কেইগৰাকীমান লোকক ইয়াত অনা হৈছে, তেতিয়াৰ পৰা ৰে’লৱে ষ্টেচন বা বিমান বন্দৰত বাহিৰৰ পৰা অহা শিখ লোকৰ ক্ষেত্ৰত দৃষ্টি ৰখা হৈছে।”

You May Also Like

More From Author