শাহু বোৱাৰীৰ কিয় কাজিয়া হয়?

1 min read

ছোৱালীৰ মাক দেউতাক বহুত জ্ঞানী হ’ব লাগে।কিবা হ’লে মানুহে ছোৱালীজনীৰ খেলি -মেলি বুলি কয়। শহুৰেকৰ ঘৰত খেলি-মেলি নাই বুলি কয়।
( Assamese Fact )

কোনোয়ে দেখোন ভাল নাপায় তাইক, সকলোৱে বদনাম গাই তাইৰ। ছোৱালীজনীয়ে ক’লে মই ইয়াত নাথাকো দেউতা,বাপেকে ক’লে ব’লা তোমাৰ দেউতা এতিয়া জীয়াই আছে।

কিন্তু ছোৱালীৰ আচল ঘৰ স্বামীৰ ঘৰখনহে ।ঘৰলৈ গ’ল নবৌয়েকে ভাবিলে আহি গ’ল মহাৰাণী সদায়ে থাকিব।তাৰ পাছত নবৌয়েকে ক’লে এতিয়া উঠা আৰু কামত লাগি যোৱা।

ছোৱালীজনীয়ে ভাবিলে এইয়া কি হ’ল নবৌৰ স্বভাৱ সলনি হৈ গ’ল। বেছিভাগ ছোৱালী দেউতাকৰ ঘৰত থাকিলে সন্মান নষ্ট হয়। তাৰ পাছত ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, বন্ধু-বান্ধব সকলোৱে শুধিব কেতিয়া আহিলা,নিব কেতিয়া আহিব যেন ঘৰত থাকিবই নোৱাৰে ।

ছোৱালীজনীয়ে ভাবিলে বাধ্য হৈ যায় এইয়া কি ইয়াতকৈ দেখোন তাইৰ স্বামীৰ ঘৰখনতয়েই ভাল আছিলে।মনত ৰাখিব ছোৱালীয়ে, দেউতাকৰ ঘৰৰ পৰা উলিয়াই দিয়া আৰু স্বামীৰ ঘৰখন মৃত্যুৰ পৰ্যন্ত অৰ্থাৎ শ্মষানলৈ যোৱাৰ আগমূহুত্বলৈকে স্বামীৰ ঘৰখনকে নিজৰ ঘৰ বুলি ভবা প্ৰধান কৰ্তব্য।

ছোৱালীজনীৰ মনতো নিৰাশাৰে ভৰি পৰে , য’তেই যায় কেৱল তাই এটাই প্ৰশ্ন উত্থাপিত হোৱা দেখা পায় কি হ’ল কাজিয়া হ’ল নি?কি সমস্যা আছে ইমান দিন ঘৰলৈ যোৱা নাই যে?

তাই এই প্ৰশ্নসমূহৰ ফলত মন মাৰি থকা হ’ল আৰু এদিন তাইক দেউতাকে সুধিলে কি হ’ল কিয় মন মাৰি আছা? তাই ক’লে স্বামী ঘৰতো সুখ নাই ইয়াতো সুখ নাই । তেতিয়া দেউতাকে তাইক ক’লে- মই তোমাৰ কথা এজন সাধুৰ লগত পাতিছিলো। তেওঁ মোক এটা মন্ত্ৰ দিছে যিটো তুমি যদি মনা তেতিয়া ৬মাহৰ ভিতৰতে তুমি তাত ৰাজ কৰিব পাৰিবা।

তাই ক’লে – কি সেইটো মন্ত্ৰ। দেউতাকে তাইক ক’লে- মন্ত্ৰটো মই গাই থাকিম তুমি ৬মাহৰ কাকো একো উলোটাই উত্তৰ নিদিবা।কাৰো লগত কাজিয়া নকৰিবা। নিজৰ কাম ভালকৈ কৰি যাবা। হ’ব নে ?

তাই ক’লে -হ’ব। কিন্তু ৬মাহ ন, তাতকৈ বেছিটো নহয় ? দেউতাকে ক’লে- অ’ ৬মাহ।দেউতাকে তাইক থৈ আহিলে আৰু ক’লে এই ইয়াতে থাকিব ৰাখক এই এতিয়া সলনি হৈ গ’ল। তাইক গৈ পালত গিৰিয়েকে ক’লে আকৌ আহিলা ঘৰখন ধ্বংস কৰিবলৈ তাইৰ বহুত খং উঠিল ।

কিন্তু দেউতাকে ক’লে একো নকবা ৬মাহ মনত আছে ন? তাই একো ন’কলে। তাই শহুৱেকক পানী দিছিল গিলাচটো পৰি ভাগি গ’ল। শহুৱেকে ক’লে- চকুৰে নেদেখা নেকি আহিয়েই গিলাচটো ভাঙিলা।

তাইৰ বহুত খং উঠিল।মনত ভাবিলে বুঢ়া দেউতাই ৬মাহৰ মন্ত্ৰ নিদিয়া হ’লে গিলাচটো তোৰ মূৰতে ভাঙিলো হেঁতেন। তাৰ পাছত তাই শহুৱেকক ক’লে- দেউতা ভুল হ’ল ক্ষমা কৰিব আজিৰ পৰা ধ্যান ৰাখিম।শহুৱেকে ভাবিলে এই কি হ’ল আজি ভুল হ’ল বুলি ক’লে আগতেটো নকয়।

তাই সকলোৰে লগত ভালকৈ থকা হ’ল সকলোকে মৰম কৰা হ’ল । কিন্তু তাই মনত এটাই কথা চলি আছিল ৬মাহ ভালকৈ থাকিব লাগে। এনেকৈ এমাহ পাৰ হৈ গ’ল। এদিন শাহুৱেকে ক’লে- তুমি আগৰ জনীয়ে নে? নে দেউতাই সলাই পঠালে,তোমালোক যজা আছিলা নি? মা আপুনি কি কথা কৈছে এই ঘৰখন মোৰ আপোনালোক মোৰ ঘৰৰ মানুহ । (Assamese Fact )

তুমি ইমান সলনি হ’বা বুলি ভবায়েই নাছিলোঁ।তাই মনতে ভাবিলে ৰ’ বুঢ়ি ৫মাহ আছে তাৰ পাছত দেখাই আছোঁ।এমাহতে তাই সকলোৰে হৃদয়ত ৰাজ কৰিবলৈ ধৰিলে।তাই ভাবিলে সাধুজনৰ মন্ত্ৰ চোন বহুত প্ৰভাৱশালী।

এমাহতে ইমান পৰিৱৰ্তন হৈছে। এতিয়া চোন ঘৰত অকল মোৰহে ৰাজ চলে। এদিন শাহুৱেকে মাতিলে- এইফালে আহা ।তাইক ক’লে- এইটো লোৱা ঘৰৰ চাবি এতিয়া তুমিয়েই সকলো দায়িত্ব ল’ব লাগিব ।তুমি ইমান লক্ষ্মী।তাই মনতে ভাবিলে লক্ষ্মীয়ে কেতিয়া কালী ৰূপ ল’ম গময়ে নাপাবি বুঢ়ী।শাহুৱেকে পুতেকক মাতি ক’লে আজিৰ পৰা যি পইচা পোৱা সকলো আনি বোৱাৰীৰ হাতত দিবা ।

এতিয়া মই বুঢ়ী হৈ আহিছোঁ সকলো হিচাপ আৰু ঘৰ এতিয়া তাইয়ে স্বভালীৱ। শহুৱেকেও দোকানৰ পৰা অৰ্থাৎ কামৰ পৰা ঘূৰি আহোঁতে বোৱাৰীয়েকলে কিবা নহয় কিবা সদায় লৈ আহে। শহুৱেক‌ বা শাহুৱেকে কৰবালৈ গ’লে বোৱাৰীলে কিবা নহয় কিবা লৈ আহিব লাগে এনেকৈ অৰ্থাৎ এনেদৰেইটো মৰম চেনেহ বাঢ়ে।

যেতিয়া দুমাহ হ’ল তাইৰ বিচাৰ ধাৰণাও সলনি হ’ল। সকলোৰে লগত নিজৰ মানুহৰ দৰে মৰমত থাকিবলৈ ল’লে। ৰাক্ষী বন্ধনৰ দিনা তাইক নিবলৈ ককায়েক আহিল আৰু ক’লে ব’লা ঘৰলৈ যাওঁ ৰাক্ষী বন্ধন যে।

তাই ক’লে মোৰ মাক সুধি লোৱা। তেতিয়া ককায়েকে তাইক ক’লে- নাটক কৰিছা নে সচাঁকে কৈছা। তাই ক’লে -চুপ থকা আৰু যোৱা সুধি আহা। সি গৈ সুধিলে, শাহুৱেকে ক’লে- উৎসৱ আছে যদি মই মনা নকৰোঁ। কিন্তু যেতিয়াৰ পৰা আহিছে ঘৰখন স্বৰ্গ হৈ পৰিছে।তাই নহ’লে আজিকালি এদিনো কটাব নোৱাৰি।

ঘৰ গৈ পালত দেউতাকে সুধিলে- তাত ভাল নে? অ’ বহুত ভাল স্বৰ্গ দৰে। কিন্তু তুমি চোন কৈছিলা নৰক আছিল।নহয় নৰক স্বৰ্গ দৰে সেইখন ঘৰ। তোমাৰ ৰাক্ষসক শহুৰ। দেউতাক ৰাক্ষসক বুলি নকবা ইমান ভাল ইমান মৰম কৰে যে মোৰ তোমালেই মনত নপৰে।

ডাইনী শাহুমা তোমাৰ। ইমান মৰম মায়ে নকৰে চাগে মোক যিমান মৰম মোক শাহুমায়ে কৰে। দেউতা মোৰ ঘৰৰ মানুহৰ কথা বেয়াকে নকবা মই বহুত বেয়া পাওঁ।

তেতিয়া দেউতাকে তাইক সাবতি ধৰি ক’লে- তুমি মোৰ মূৰ ওপৰলৈ তুলি দিলা। আজি মই বহুত সুখী। তাই দেউতাকক সুধিলে- দেউতা সেই মন্ত্ৰটো কিনো যিটো তুমি জাপ কৰিছিলা আৰু মই সাধনা।

তেতিয়া দেউতাকে ক’লে- সঁচা কথা কবলৈ গ’লে মন্ত্ৰ মই জাপ কৰা নাই । তেতিয়া কেনেকৈ এইবোৰ ভাল হ’ল? সকলো তোমাৰ সাধনাৰ বলত ভাল হ’ল।

অকল বোৱাৰীয়ে নহয় শাহুসকলেও ব্যৱহাৰ সলনি কৰিব লাগে তেতিয়াহে ঘৰখন স্বৰ্গ হৈ পৰিব আৰু মৰম স্নেহ বাঢ়িব।

মনত ৰাখিব ছোৱালী এজনীৰ দেউতাক হোৱাতো বহুত ডাঙৰ কথা । এজনী ছোৱালীয়ে যেতিয়া শাহুৱেকৰ ঘৰত কষ্ট পায় তেতিয়া তাই দেউতাকৰ হৃদয়খনেও বহুত কান্দে। সেই কাৰণে বোৱাৰীকো নিজৰ ছোৱালীৰ দৰে মৰম কৰক।

You May Also Like

More From Author