৮ এপ্ৰিলত ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী

0 min read

মাতৃভাষা বিৰোধী চৰকাৰখনৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৱে অহা ৮ এপ্ৰিলত ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব। তামুলপুৰৰ কচুবাৰীত দুদিনীয়া কৈ অনুষ্ঠিত হোৱা বাক্সা জিলা ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ কথা প্ৰকাশ কৰে।

বুধবাৰে মুকলি সভাত অংশ লৈ আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ আছুৰ উপদেষ্টা গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাতৃভাষাৰ উন্নয়নৰ হকে কাম কৰিবলৈ আহ্বান জনায় ৷

You May Also Like

More From Author