CBIৰ মুখ্য কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

1 min read

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দেওবাৰে আবকাৰী নীতিৰ গোচৰত জেৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। CBIৰ কাৰ্যালয় পোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সময়ছোৱাত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কেবিনেটৰ সহযোগীসকলকো তেওঁৰ সৈতে দেখা গ’ল। একে সময়তে তেওঁৰ সৈতে CBIৰ মুখ্য কাৰ্যালয়লৈ যোৱা আম আদমী পাৰ্টিৰ নেতা, সাংসদ আৰু দিল্লীৰ কেবিনেট মন্ত্ৰীসকলক লোধি পথৰ সমীপত আৰক্ষীয়ে ৰখাই দিয়ে, তাৰ পিছত আটাইকেইজন ধৰ্ণাত বহে।

ইয়াৰ পূৰ্বে CBIৰ বিষয়াসকলে কেজৰিৱালক সাক্ষী হিচাপে মাতিছিল আৰু তেওঁ আবকাৰী নীতিৰ গোচৰত অভিযুক্ত নহয় বুলি কৈছিল। তেওঁ কৈছিল যে সংস্থাটোৱে আপৰ মুৰব্বীক নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰু বিশেষভাৱে দিল্লী মন্ত্ৰী পৰিষদৰ সন্মুখত দাখিল কৰিবলগীয়া ফাইলৰ বিষয়ে প্ৰশ্ন কৰিব পাৰে, যিটোৰ সন্ধান উলিয়াব পৰা নগ’ল।
CBIৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা
দেওবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালৰ হাজিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত CBIৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। CBIৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অৰ্ধসামৰিক বাহিনীকে ধৰি ১০০০ৰো অধিক নিৰাপত্তাৰক্ষীক নিয়োগ কৰা হৈছে আৰু চাৰিজনতকৈ অধিক লোক যাতে একত্ৰিত নহয় তাৰ বাবে অঞ্চলটোত ফৌজদাৰী বিধি আইনৰ ১৪৪ ধাৰা প্ৰয়োগ কৰা হৈছে বুলি বিষয়াসকলে জনায়।
ৰাউজ এভিনিউত থকা আম আদমি পাৰ্টিৰ কাৰ্যালয়ৰ বাহিৰতো নিৰাপত্তা কটকটীয়া কৰা হৈছে বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে দলীয় কৰ্মী আৰু সমৰ্থকে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে আপৰ কাৰ্যালয় আৰু চিবিআইৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পথত বেৰিকেড লগোৱা হৈছে।

বিষয়াগৰাকীয়ে কয় যে চিবিআইৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অৰ্ধসামৰিক বাহিনীকে ধৰি ১০০০ৰো অধিক নিৰাপত্তাৰক্ষীক নিয়োগ কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাণ্ড সংঘটিত নহয়।

ইতিমধ্যে কাৰাগাৰত আছে মনীষ ছিছ’দিয়া
উল্লেখযোগ্য় যে, কেন্দ্ৰীয় সংস্থাটোৱে এই গোচৰত যোৱা মাহত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। সেইদিনা অঞ্চলটোৰ কাৰ্যালয় বন্ধ হৈ থকাৰ বাবে কেজৰিৱালক দেওবাৰে হাজিৰ হ’বলৈ কোৱা বুলি CBIৰ বিষয়াসকলে জানিবলৈ দিয়ে। চিবিআইয়ে ছিছ’দিয়াক মুখ্য কাৰ্যালয়লৈ মাতিও একে কৌশল গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে আঠ ঘণ্টা ধৰি সোধা-পোছা কৰি তেওঁলোকৰ জিম্মাত লৈ যায়।

এই অভিযোগ দিল্লী চৰকাৰৰ ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিৰ সৈতে জড়িত। সুৰা ব্যৱসায়ীয়ে অনুজ্ঞাপত্ৰ লাভৰ বাবে উৎকোচ দিয়াৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে। এই নীতি এতিয়া বাতিল কৰা হৈছে।

You May Also Like

More From Author