ৰোজাই মানুহৰ মাজৰ অসমনতা দূৰ কৰে
ৰোগ নিৰ্মূল কৰে,মানুহৰ আয়ুস বঢ়ায়
মঙলদৈ,৬ এপ্ৰিল:: সদৌ অসম গৰিয়া দেশী জাতীয় পৰিষদ,দৰং জিলা সমিতিয়ে মঙলদৈ ইয়ুথ ক্লাব প্ৰেক্ষাগৃহত আয়োজন কৰা ৰমজানৰ ৰোজাৰ সমূহীয়া ইফটাৰৰ আজি সফলতাৰে সম্পন্ন হয়। এই উপলক্ষে পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত “বিজ্ঞানৰ দৃষ্টিত ৰমজানৰ ৰোজা” শীৰ্ষক আলোচনা সত্ৰত অন্যতম বক্তা হিচাপে ভাষণ দি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰাই কয়,ৰমজানৰ ৰোজাই মানুহৰ জীৱন প্ৰণালীলৈ পৰিবৰ্তন আনে, মানুহৰ মাজত অসমতা দূৰ কৰে ,ঐক্য- শান্তি- সম্প্ৰীতি বঢ়ায় আৰু ৰোজাৰ দৰে প্ৰণালীবদ্ধ ব্ৰতে নিৰোগী জীৱন দান কৰাৰ লগতে মানুহৰ আয়ুস বৃদ্ধি কৰে। আন এগৰাকী বক্তা দ্যৌৰঙ্গ বাৰ্তালোচনীৰ সম্পাদক শংকৰ কাকতিয়ে ভাষণ দি ৰমজানৰ ৰোজাই মানুহে মানুহক ভাল পাবলৈ শিকায়, ভোকাতুৰ, তৃষ্ণাতৰ জনৰ যন্ত্ৰণাৰ উপলব্ধি কৰিবলৈ সুযোগ দিয়ে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আলোচনা সত্ৰত মুখ্য বক্তাৰ ভাষণ দি বিশিষ্ট চিকিৎসক ,দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱে বিজ্ঞানৰ দৃষ্টিকোণেৰে ৰমজানৰ ৰোজাৰ সাৱলীল ব্যাখ্যা দাঙি ধৰে্। তেওঁ কয়, যদিও বিজ্ঞানত যুক্তি,ধৰ্মত বিশ্বাস নিহিত আছে তথাপি বিজ্ঞানক বাদ দি ধৰ্ম নহয়। ধৰ্মৰ প্ৰতিটো বিষয়ৰে আঁৰত বিজ্ঞান আছে।ৰমজানৰ ৰজাৰ আঁৰতো আছে প্ৰভূত উপকাৰিতা আৰু তাতেই আছে বিজ্ঞান।
অনুষ্ঠানৰ লগত সংগতি ৰাখি আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে প্ৰকাশ কৰা কেলেণ্ডাৰ এখন উন্মোচন কৰে দৰঙৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই। উন্মোচনী ভাষণত দক্ষ আৰক্ষী বিষয়া শইকীয়াই কয়, মানুহে মানুহক ভাল পোৱাটোৱেই ধৰ্ম, মানুহক দুখ দিলে ভগৱানে দুখ পায় । তেওঁৰ এই মনোজ্ঞ ভাষণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক,অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে অংশগ্ৰহণ কৰি শুভেচ্ছা মূলক ভাষণ দিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালি দেৱী শৰ্মা,উপ পৌৰপতি অচ্যুত দাস, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ চহৰীয়া, সাধাৰণ সম্পাদক সত্য ৰঞ্জন ডেকা,আন্ত মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক চাহিল চৌধুৰী, পৰিষদৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সম্পাদক ৰছিদ আহমেদ, মহিলা কোষৰ সম্পাদিকা মকছিদা বেগম, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আবু আয়ুব আনছাৰী, মানুহে মানুহৰ বাবে দৰং অসমৰ সভাপতি আনোৱাৰ হুছেইন, চলচ্চিত্ৰ নিৰ্মাতা হবিবৰ ৰহমান,সমাজ কৰ্মী প্ৰাণজিৎ শইকীয়া,বাসৱ চন্দ্ৰ ডেকা,শেখৰ মজুমদাৰ, ভাৰতীয় ষ্টেট বেংক ,মঙলদৈ শাখাৰ মুখ্য প্ৰৱন্ধক উত্তম কলিতা, ৰাষ্ট্ৰীয় কৃতী শিক্ষক শশাঙ্ক হাজৰিকা, উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বড়া, দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্রা ভৱেন বৰ্মন ,সাংবাদিক তথা অসম বাৰ্তীজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা,প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।এই অনুষ্ঠানত সৰ্বতোপ্ৰকাৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ইয়ুথ ক্লাব মঙলদৈৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা আৰু ক্লাব পৰিয়ালক উষ্ম ওলগনি জ্ঞাপন কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিয়ে। জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আঁত ধৰা অনুষ্ঠানত পূৱ দলগাঁও মৌজাৰ মৌজাদাৰ মোৰ্তাজা হুছেইন আৰু দৰং জিলা প্ৰশাসনৰ প্ৰশাসনিক বিষয়া বক্তাৰ আলিয়ে পৰিষদৰ দৰং জিলা সমিতিৰ আজীৱন সভ্য পদ গ্ৰহণ কৰে আৰু থিতাতে তেওঁলোকক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। সমূহীয়া ইফটাৰ উদযাপন সমিতিৰ সভাপতি মইনুল শইকীয়াই উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সদৌটিকে শলাগ জ্ঞাপন কৰে উদযাপন সমিতিৰ সম্পাদকদ্বয় মহিবুল হক আৰু আব্দুল ৰৌফ আহমেদে।