সফলতা আৰু সমৃদ্ধিৰ আশাৰে প্ৰায় প্ৰতিটো হিন্দু পৰিয়াল তথা কৰ্মক্ষেত্ৰত গণেশ আৰু লক্ষ্মীক পূজা কৰা হয়। গণেশক জ্ঞানৰ ঈশ্বৰ আৰু লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়।জ্ঞান অবিহনে সম্পদ আপোনাৰ সৈতে বেছি সময় থাকিব নোৱাৰে।সেয়ে, সম্পদৰ সমান্তৰালকৈ জ্ঞান অৰ্জন কৰিবলৈ লক্ষ্মী পূজাৰ সৈতে গণেশ পূজাও কৰা হয়।পিছে লক্ষ্মীয়ে আপোনাৰ ঘৰক অৱস্থান কৰিবলৈ আপুনি বহু ক্ষেত্ৰত সৰ্তক হোৱাটো অতি দৰকাৰ।আজি এই সমগ্ৰ বিষয়টোৰ বিষয়ে জানো আহক-
আমি নজনা কথাবোৰ
বহুলোকে নাজানে যে লক্ষ্মী গণেশৰ মাতৃ। তেওঁলোকে ভুলকৈ লক্ষ্মীক গণেশৰ পত্নী বুলি গণ্য কৰে। এটা কাহিনীত ইয়াৰ আভ্যন্তৰীণ কথাবোৰৰ বৰ্ণনা আছে।গণেশে তেওঁৰ ভাতৃ কাৰ্তিকক আটাইতকৈ কম সময়ত পৃথিৱী ঘেৰি ধৰাৰ দৌৰত পৰাজিত কৰিছিল। গণেশে তেওঁলোকৰ পিতৃ-মাতৃৰ চাৰিওফালে প্ৰদক্ষিনা কৰাৰ জ্ঞান দেখুৱাই প্ৰথম স্থান লাভ কৰিছিল, যাক তেওঁ শ্ৰদ্ধা কৰিছিল।
ভগৱান গণেশ উত্তৰ দিশটোৰ সৈতে সম্পৰ্কিত।ইয়াৰো এক কাৰণ আছে।যেতিয়া শিৱই গণেশৰ শিৰচ্ছেদ কৰিছিল, মাতৃ পাৰ্বতীৰ দুখ আৰু খঙত হাহাকাৰ অৱস্থা হৈছিল।পাছত শিৱক পাৰ্বতীয়ে তেওঁৰ পুত্ৰক ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল। পাৰ্বতীৰ অনুৰোধত শিৱই তেওঁৰ গণসকলক উত্তৰ দিশলৈ যাবলৈ দি তেওঁলোকে দেখা প্ৰথম জন্তুটোৰ মুৰটো আনিবলৈ আদেশ দিছিল।গণসকল উত্তৰ দিশলৈ গৈ এটা হাতী বিচাৰি পালে। তাৰ পাছত শিৱয়ে হাতীটোৰ মূৰটো কাটি গণেশৰ শৰীৰত স্থাপন কৰিছিল।