বিশিষ্ট সাহত্যিক,শিক্ষাবিদ, অভিনেতা ফনীন্দ্ৰ নাথ গায়নৰ ৮৫ সংখ্যক ওপজা দিন উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১১এপ্ৰিল:–বিশিষ্ট সাহত্যিক, শিক্ষাবিদ,অভিনেতা ফনীন্দ্ৰ নাথ গায়নৰ ৮৫ সংখ্যক ওপজা দিনটি মংগলবাৰে উলহ মালহেৰে পুৰণিগুদাম কবি সন্মিলন আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত উদযাপিত হয় । বিয়লি ২ বজাৰ পৰা আয়োজিত কবিৰ মহাসভাত “অবিৰত কবিতা পাঠ” শীৰ্ষক মননশীল অনুষ্ঠানৰ আঁত ধৰে ড° চন্দনা ডেকাই । এই সভাতেই বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নক পুৰণিগুদাম কবি সন্মিলন,পুৰণিগুদাম প্ৰেছ ক্লাব, বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ লগতে বিভিন্ন শুভাকাংখী সমাজে গ্ৰন্থ,শৰাই, গামোচা আদিৰে ওপজা দিনৰ ওলগ জনায় । এই অনুষ্ঠানৰ লগত সামঞ্জস্য ৰাখি আয়োজন কৰা টেবুল গ্ৰন্থমেলাখনি উন্মোচন কৰে লেখক খগেন শইকীয়াই । কবিতা পাঠৰ প্ৰাক মুহূৰ্তত এটি বৰগীত পৰিবেশন কৰে পাৰুল গায়নে । কবিতা পাঠ অনুষ্ঠান উদ্বোধন কৰে অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাসে । কবি,লেখক ইন্দ্ৰজিৎ বেজবৰুৱা,দ্বীপজ্যোতি বৰা, চন্দ্ৰ শইকীয়া,ভাৰতী বৰা,মুনিন্দ্ৰ শইকীয়া, হেলেন পণ্ডিত, হেড়ম্ব গোস্বামী,তৰালী ফুকন,শান্তনু বৰদলৈ,স্বপন বৰা,ৰাহুল দেৱ বৰদলৈকে আদি কৰি প্ৰায় দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি পৰিৱেশ জীপাল কৰি তোলে । এই সভাখনি সঞ্চালনা কৰে পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতাই । কবি সন্মিলনৰ উপ সভাপতি প্ৰফুল্ল বৰা,সাহিত্যিক যুগল চন্দ্ৰ দেৱ গোস্বামী,সাহিত্য সংগঠক তথা শিশুবন্ধু দুলাল বৰা,অতুল কুমাৰ নাথ,সাংবাদিক তপন কটকীকে আদি কৰি বহু গণ্য মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author