হাঁহিমুখে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়িছে এজন যুৱক ।এয়া তেওঁৰ যাত্ৰাৰ চতুৰ্থটো দিন । গুৱাহাটীৰ পৰা কেদাৰনাথলৈ পদপথে আগবাঢ়িছে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ অজয় দে’ । জীৱনৰ বাবে এটা অভিজ্ঞতা মনতে সাচি ৰখাৰ বাবে ১৩০০ৰো অধিক কিলোমিটাৰ খোজকাঢ়ি গৈ কেদাৰনাথ দৰ্শন কৰিব যুৱকজনে ।
দেহৰ সমস্ত ভাগৰ পাহৰি এটি মিচিকিয়া হাঁহিৰে আজি নলবাৰীত উপস্থিত হ’ল যুৱকজন ।নলবাৰীৰ হাইৱেৰ কদমতল চ’কত এইদৰে বাটৰুৱাৰ সৈতে মত বিনিময়ো কৰিলে অজয়ে । জীৱনত হাৰ মানিব নোখোজা যুৱকজনে কষ্টকে জীৱনৰ সংগী হিচাপে লৈ লক্ষ্যস্থানত উপনীত হ’বলৈ চেষ্টা কৰিছে ।
মহাদেৱৰ একান্ত ভক্ত যুৱকজনক প্ৰত্যেক সময়তে এটি অদৃশ্য শক্তিয়ে সহায় কৰি আছে, যাৰ ফলশ্ৰুতিত তেওঁ লক্ষ্যস্থানত উপনীত হ’ব পাৰিব বুলি দৃঢ়তাৰে মন্তব্য আগবঢ়ায় ।