জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাওঁ আৰক্ষীত ব্যাপক ৰদবদলৰ নিৰ্দেশ লীনা দ’লেৰ

1 min read

সমগ্ৰ ৰাজ্য কপাই যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাঁও আৰক্ষীত বৃহৎ ৰদবদলৰ নিৰ্দেশ নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দ’লেৰ । কনিষ্টবল পৰ্যায়ৰ ১৪৮ গৰাকী আৰক্ষীক তৎকালীনভাৱে স্থানান্তৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

অসম আৰক্ষী আইন, ২০০৭ৰ ৪৬ নং দফাৰ অধীনত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছত জিলাখনৰ ভিতৰতেই ৰদবদল কৰা হৈছে আৰক্ষীসকলক । এই সন্দৰ্ভত আৰক্ষী অধীক্ষক লীনা দ’লেই ১৭ মে’ত জাৰী কৰা এক নিৰ্দেশনা ইতিমধ্যে সামাজিক আৰু সংবাদ মাধ্যমত প্ৰকাশ হোৱা প্ৰত্যক্ষ কৰা হৈছে ।

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছত হোৱা এই ৰদবদলে এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে এতিয়া সচেতন মহলত ।

You May Also Like

More From Author