তামোল! অসমীয়া সমাজ, সংস্কৃতিৰ লগত ওত:প্ৰোত ভাবে জড়িত এবিধ মুখৰোচক হ’ল তামোল। সন্মান প্ৰদৰ্শনৰ পৰা আৰম্ভ কৰি খাদ্যৰ সজম প্ৰক্ৰিয়ালৈ অসমীয়া সমাজত ব্যৱহৃত তামোলৰ কথা অসমীয়াক নিশ্চয় নকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই।
ভাৰতকে ধৰি মালয়েছিয়া, কম্বোডিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদিত হাজাৰ হাজাৰ বছৰ ধৰি তামোল খোৱাৰ প্ৰথা প্ৰচলন আছে। তামোলৰ লগত যি ধৰ্মীয় বিশ্বাসৰ সম্পৰ্ক আছে, সেইয়া মাত্ৰ অসমতে যে আছে তেনে নহয়। দক্ষিণ এছিয়াৰ দেশসমূহত বছৰ বছৰ ধৰি তামোলৰ প্ৰথা আৰু জনপ্ৰিয়তা চলি আহিছে। এছিয়ান সংস্কৃতিত বহুদিনৰ পৰাই শিপাই আছে তামোল, যাৰ বাবে ধৰ্মীয় বিশ্বাসো জড়িত হৈ থকা দেখা যায়।
হিন্দু ধৰ্মত তামোলৰ এক ঐশ্বৰিক আৰু শুভ উপাদান হিচাপে গণ্য কৰা হয় । আৰু সেয়ে ধৰ্মীয় অনুষ্ঠান, পূজা, মূৰ্তি পূজাৰ সময়ত তামোলৰ উপস্থিতি অতি প্ৰয়োজনীয়। ধৰ্মীয় আচাৰ-ব্যৱহাৰত ইয়াৰ ব্যৱহাৰে ঈশ্বৰৰ আশীৰ্বাদ আনে বুলি বিশ্বাস কৰাৰ উপৰিও বাধা আঁতৰোৱাৰ বাবে তামোলক অৰিহণাৰ সৈতে আগবঢ়োৱা হয়। আকৌ বিবাহ আৰু সামাজিক কাম-কাজতো তামোলৰ প্ৰাসংগিকতা অসীম।
পিছে এই তামোলৰ ইতিহাসৰ বিষয়ে আপুনি জানেনে ? তামোলৰ ইতিহাসৰ পাত লুটিয়ালে প্ৰায় ২০০০ বছৰ ধৰি তামোল প্ৰচলন হৈ অহাৰ কথা আমি দেখিবলৈ পাওঁ। তামোলৰ ইতিহাস সম্পৰ্কে প্ৰমাণ বৰ স্পষ্ট নহয় যদিও প্ৰায় ২০০০ বছৰ ধৰি তামোলৰ খেতি কৰি অহা হৈছে বুলি বিশ্বাস কৰা হয়। আকৌ তামোলৰ প্ৰথম উদ্ভিদৰ উৎপত্তি স্থল ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জত বুলি তথ্য পোৱা যায়। য’ৰ পৰাই পৰৱৰ্তী সময়ত ভাৰতীয় উপমহাদেশ শ্ৰীলংকা আৰু সমগ্ৰ দক্ষিণ-পূব এছিয়া, মালয়েছিয়ালৈ বিয়পি পৰিছিল বুলি কোৱা হয়। আনহাতে গুপ্ত যুগত ভাৰতত তামোলৰ উপস্থিতিৰ কথা পোৱা যায়। তাৰ পিছতেই দেশৰ সামাজিক আৰু ধৰ্মীয় বিশ্বাসত ইয়াৰ আবিৰ্ভাৱ হ’বলৈ আৰম্ভ কৰে।
এই তামোলৰ আছে ঔষধি গুণো। আয়ুৰ্বেদত কোৱা হয় তামোলে দাঁত আৰু আঁঠু সুস্থ কৰি ৰাখে। তদুপৰি তামোলে পাচনতন্ত্ৰ উন্নত কৰা, একাগ্ৰতা বৃদ্ধি কৰাৰ কথাও বহু সময়ত আমি পঢ়িবলৈ পাওঁ। অৱশ্যে বহুতৰে মতে তামোল হৈছে একপ্ৰকাৰৰ নিচা। সেয়েহে প্ৰাচীন কালৰে পৰা এনচাইক্লোপিডিয়া ব্ৰিটানিকাৰ তথ্য অনুসৰি নিকোটিন, এলক’হল আৰু কেফেইনৰ পিছতে বিশ্বৰ ভিতৰতে চতুৰ্থ প্ৰচলিত মনোসক্ৰিয় বস্তু হৈছে তামোল।
আকৌ আধুনিক চিকিৎসা বিজ্ঞানত স্বাস্থ্যৰ ক্ষেত্ৰত তামোল সেৱনক ইতিবাচক বুলি গণ্য কৰা নহয়। ইয়াৰ পিছতো তামোলৰ ঔষধি গুণ থকাটোও সুপৰিচিত কথা। আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানে তামোলক বনৌষধি হিচাপে গণ্য কৰি কয় যে- তামোল ব্যৱহাৰে ৰোগ নিৰাময়ত সহায় কৰে। মুম্বাই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন তথা দেশৰ প্ৰখ্যাত যোগগুৰু আৰু আয়ুৰ্বেচাৰ্য্য বালকৃষ্ণ বৈদ্যৰাজ দিননাথ উপাধ্যায়ৰ মতে- তামোলত বিষনাশক (এনালজেচিক) উপাদান থাকে, যাৰ বাবে ই শৰীৰৰ বিষত উপশম দিয়ে আৰু দাঁত-আঁঠুৰ সুৰক্ষা দিয়ে। তদুপৰি সংক্ৰমণৰ পৰা প্ৰতিৰোধ হৈছে তামোল। যাক চোবাই খালে পাচনতন্ত্ৰ উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। আকৌ বমি ৰোধ আৰু ইয়াক পিহি প্ৰয়োগ কৰিলে ছালৰ ৰোগো আৰোগ্য হ’ব পাৰে। তামোল আৰু অন্যান্য বনৌষধি মিহলাই প্ৰস্তুত কৰা ঔষধৰ দ্বাৰা বহু বেমাৰৰ পৰা উপশম পাব পাৰি।
ইয়াৰ উপৰিও শৰীৰত শক্তি বৃদ্ধি কৰে। লুজ-মোচনতো ইয়াৰ ব্যৱহাৰ উপকাৰী। আন এটা বিশেষ কথা হ’ল শৰীৰত ডায়েৰিয়া হোৱাৰ সম্ভাৱনা কমাই দিয়ে। যদি প্ৰস্ৰাৱৰ লগত জড়িত সমস্যা থাকে, তেন্তে তামোল মিহলাই তৈয়াৰ কৰা কাপলে উন্নত উপকাৰ দিয়ে। ইয়াক চোবাই খালে মুখত অত্যধিক লাৰ উৎপন্ন হয়, যাৰ ফলত মুখ শুকান নহয়, পাচন ক্ষমতাও বৃদ্ধি পায়। ইয়াত পোৱা কিছুমান বিশেষ মৌল পেশী শক্তিশালী কৰিবলৈও ব্যৱহাৰ কৰা হয়।
অৱশ্যে তামোলৰ অতিৰিক্তভাৱে সেৱনে বহু সমস্যাৰো সৃষ্টি কৰে। নিয়মীয়াকৈ তামোল সেৱন কৰিলে নিচাৰ সৃষ্টি হয়। যাৰ ফলত দীৰ্ঘম্যাদী স্বাস্থ্যজনিত ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ অত্যধিক সেৱনে দাঁতৰ সমস্যা সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ৰক্তচাপ অস্থিৰ কৰি তুলিব পাৰে আৰু এলাৰ্জীৰো সৃষ্টি কৰে। তামোলৰ অত্যধিক সেৱন কৰিলে অত্যধিক পিয়াহ লগা আৰু ঘাম ওলোৱাও দেখা যায়।
ইয়াৰ পিছতো তামোলে সামাজিক গ্ৰহণযোগ্যতা লাভ কৰিছে। যি সকলো শ্ৰেণীৰ লোকৰ মাজতে প্ৰচলিত।