লখিমপুৰত এফালে আনন্দ মিশ্ৰৰ এক্সন মুড, আনফালে চোৰৰ মৰসাহ বৃদ্ধি

1 min read

এফালে নকল সোণ আৰু জালনোট ব্যৱসায়ীৰ সোঁত বৈছে আৰক্ষী থানালৈ, আনফালে বৃদ্ধি পাইছে চোৰৰ মৰসাহ ৷ নকল সোণ-টকা ব্যৱসায়ীয়ে গিজগিজাই থকা লখিমপুৰত বুধবাৰে দিন-দুপৰতে চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তিসহ নগদ ধন ৷ আই পি এছ আনন্দ মিশ্ৰ ই সোমবাৰে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰাৰ পাচতে কঁপনি উঠিছিল লখিমপুৰৰ অপৰাধ জগতত ৷

দক্ষ আৰক্ষী বিষয়া হিচাবে ইতিমধ্যেই নিজকে প্ৰমাণ কৰা আৰক্ষী বিষয়াগৰাকীয়ে লখিমপুৰত খোজ থৈয়েই সকিয়াই দিছিল নকল সোণ আৰু জালনোট ব্যৱসায়ীক নিজেই ধৰা দিয়াৰ বাবে ৷ হুমকি দিয়াৰ পিছতে এই পৰ্যন্ত ৩০ৰো অধিক ক’লা ব্যৱসায়ীয়ে লখিমপুৰৰ বিভিন্ন থানাত আত্মসমৰ্পণ কৰিছে ৷

এই পৰ্যন্তও থানালৈ সোঁত বৈয়েই আছে নকল সোণ-টকা ব্যৱসায়ীৰ । বহু ক’লা ব্যৱসায়ী মূলসুঁতিলৈ ঘূৰি আহিল যদিও লখিমপুৰৰে নাৰায়ণপুৰত বৃদ্ধি পালে চোৰৰ মৰসাহ ৷ বুধবাৰে ভৰ দুপৰীয়া নাৰায়ণপুৰৰ ১ নং ৱাৰ্ডত ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ লক্ ভাঙি প্ৰৱেশ কৰিলে চোৰে ৷

মাধৱদেৱ কলাক্ষেত্ৰৰ ঠিক পাছফালৰ জিতু বৰুৱাৰ বাসগৃহত দিন দুপৰতে চোৰে প্ৰৱেশ কৰি লুটে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে সাঁচতীয়া ধন ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অপৰাধৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি এক্সন মুডত অভিযান চলাবলৈ আৰম্ভ কৰাৰ পিছতে নগৰ এলেকাত চোৰৰ দপদপনিত চিন্তিত হৈ পৰিছে নাৰায়ণপুৰবাসী ৷

You May Also Like

More From Author