নগাঁৱৰ “বসন্ত উৎসৱ”ত শনিবাৰে চহা শিল্পী মাণিক কলিতাক প্ৰদান কৰা হ’ব “কলংপৰীয়া শিল্পী বঁটা”
নিউজ ব্যুৰ’,নগাঁও,১২মে’ সংস্কৃতিৰ পথাৰখনত সম্ভাৱনাৰ নতুন কিবা এটা সৃষ্টি কৰাৰ নিৰন্তৰ প্ৰয়াসৰ লগতে মাৰ্জিতভাবে অসমৰ জাতীয় কৃষ্টিক উপস্থাপন কৰাৰ উদ্দেশ্য আগত ৰাখি নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী “সৃষ্টি”ৰ উদ্যোগত ২০০৪ চনৰ পৰা নগাঁৱত ‘বসন্ত উৎসৱ’ অনুষ্ঠিত হৈ আহিছে । চলিত বৰ্ষত কলঙৰ বাকৰিৰ নেহৰুবালিত অনুষ্ঠিত ‘বসন্ত উৎসৱে ২০ বছৰত ভৰি দিছে । এই অনুষ্ঠানতে ২০০৯ চনৰ পৰাই এগৰাকী প্ৰচাৰ বিমুখ তথা চহা শিল্পীসকলৰ বিৰল কৰ্মৰাজিক ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান কৰি অহা হৈছে ।
চলিত বৰ্ষত অহা ১৩ মে’,শনিবাৰে নগাঁও নেহৰুবালিত অনুষ্ঠিতব্য “বসন্ত উৎসৱ”ত নগাঁও জিলাৰ হাতীচোং মৌজাৰ ৰাইডঙীয়াৰ নতুন ভোগবাৰীৰ লোক সংস্কৃতিৰ সাধক চহা শিল্পী মাণিক কলিতাক “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান কৰা হ’ব। উল্লেখ যোগ্য যে ম’হৰ শিঙৰ পেঁপাত অসমৰ জাতীয় জীৱনৰ প্ৰাণ স্পন্দন বিহু গীতৰ সুৰ তুলি সকলোকে মুগ্ধ কৰা বৰ্ষীয়ান শিল্পীগৰাকী সম্প্ৰতি ৯১ বছৰ বয়সতো কৰ্মোদ্যমী হৈ আছে । বয়সে হাৰ মনাব নোৱাৰা চিৰ তৰুণ শিল্পীগৰাকীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতো পেঁপাত বজাব পাৰে । তেওঁ ২০ বাৰৰো অধিক শ্ৰীকৃষ্ণৰ ৰাসলীলাত শংখচূড়ৰ ভাঁৱত অভিনয় কৰিছে । তদুপৰি অংকীয়া ভাওনাত তেওঁ বিভিন্ন ভাঁৱত অভিনয় কৰিছে । চহাশিল্পী কলিতাই মৰিগাঁৱৰ আহঁতগুৰিৰ ম’হযুঁজস্থলী আৰু নগাঁও নেহৰুবালিত নাকৰে পেঁপা বজাই সকলোকে মুগ্ধ কৰিছিল ।
তাৎপৰ্যপূৰ্ণ যে মাণিক কলিতাৰ ম’হৰ শিং সদৃশ দীঘল মোছ কোচা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। চহা শিল্পীগৰাকীৰ বিহু নৃত্য-গীত প্ৰদৰ্শনৰ অন্যতম সহযোগী আছিল কুঁজীডাহ কমাৰচুকৰ বিজয় দাস আৰু গোলাপী নাথ । তেওঁলোকে সোণাই নদী উত্তৰ আঞ্চলিক হাতীচোং মৌজাৰ “কেতেকী চৰাই বিহুৱা দল” নামৰ এটা দল গঠন কৰিছিল । এই দলটোৱে অবিভক্ত নগাঁও জিলাৰ বিভিন্ন স্থানত বিহু নৃত্য-গীত প্ৰদৰ্শন কৰি সমাদৃত হৈছে । চহা শিল্পীগৰাকীকে অহা ১৩ মে’,শনিবাৰে “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান কৰা হ’ব । অন্যহাতে “বসন্ত উৎসৱ” উপলক্ষে ১৩ মে’ৰ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিতব্য সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট নৃত্য শিল্পী পংকজ ইংতিৰ পৰিচালনাত নৃত্য প্ৰদৰ্শন কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰা,প্ৰস্তুতি পৰাশৰ,নিশিতা গোস্বামী,মেঘ ৰঞ্জনী মেধিকে ধৰি বহু কেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।
তদুপৰি তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান “নক্ষত্ৰ”ই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব । সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হৈছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ । “সৃষ্টি”ৰ অন্যতম আয়োজক বিধায়ক ৰূপক শৰ্মাই ৰাইজক বসন্ত উৎসৱত অংশগ্ৰহণৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও