সেউজীয়া পৃথিৱীখন ছোৱাৰ পৰা বঞ্চিত এগৰাকী যুৱতী ।পিতৃও আছিল শাৰিৰীক ভাৱে সক্ষম ।ৰং বিৰঙৰ পৃথিৱীখন চোৱাৰ পৰা বঞ্চিত যুৱতী গৰাকীৰ বাবে জন্মান্ধতা আছিল অভিশাপ । দৰিদ্ৰ পৰিয়ালটোৰ দুগৰাকী সদস্যই অনূৰূপ ধৰণে শাৰিৰীক সক্ষমতাই আৱৰি ধৰাৰ পিছত স্বাভাৱিকতেই সেই পৰিয়ালটোলৈ নামি অহা দুৰ্দশাৰ কলীয়া ডাৱৰ জাক কোনেও মচিব নোৱাৰে ৷জীয়াই থকাৰ ভিন্ন যুঁজত সাতুৰি নাদুৰি ভাগৰি নপৰা এগৰাকী জন্মগত ভাৱে অন্ধ যুৱতীৰ কৰুণ কাহিনীয়ে অজস্ৰজনৰ হৃদয় মুচৰি নিছে ।ঘোপ মৰা আউসীৰ অভিশাপৰ অন্ধকাৰত বুৰ গৈ বাট হেৰুৱাই পেলোৱা এটা দুৰ্ভগীয়া পৰিয়ালৰ এগৰাকী যুৱতীক পোহৰৰ বাটৰ সন্ধান দিলে মূখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।জীৱনটোক ঘোৰ অন্ধকাৰৰ মাজতেই আকৌ এবাৰ খেপিয়াই চোৱাৰ সুবিধা পোৱা দুৰ্ভগীয়া যুৱতী গৰাকীৰ নাম মঞ্জুলা বৰুৱা ।শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ জটকীয়াৰ নিবাসী এই দুৰ্ভগীয়া পৰিয়ালটোত উঠিছে প্ৰাপ্তিৰ আনন্দৰ জোঁৱাৰ ৷অহা কাইলৈ মূখ্য মন্ত্ৰী ডঃহিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰ খনে নির্বাচনী প্রতিশ্রুতি অনুসৰি এক লাখ নিযুক্তি পত্ৰ বিতৰণ কৰিব লগীয়া সর্ববৃহত কাৰ্য্যসূচীৰ অংগ হৈ পৰা নাজিৰাৰ জটকীয়াৰ দৃষ্টিহীন মঞ্জুলা আজি নিশা গুৱাহাটীলৈ ৰাওনা হৈছে ।যাত্ৰাৰ প্রাক মুহুত্বত নিয়মীয়া বাৰ্তাৰ সৈতে হোৱা এক আছুতীয়া বার্তালাপত মঞ্জুলাই কৈ গল মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পোহৰৰ বাট কাটি জীয়াই থকাৰ বাবে দিয়া চৰকাৰী সংস্থাপনৰ কথা ।আজি লৈকে সংবাদ মাধ্যমত মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কন্ঠশ্বৰৰ বাদে পোনপটীয়া সাক্ষাত লাভ নকৰাৰ কথা ।অৱশ্যে কাইলৈ গুৱাহাটীত সেই আশা পুৰণ হোৱাৰ আশা পুহি ৰাখিছে ।মই দৃষ্টিহীন হলেও মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ নিকা নিযুক্তিয়ে আমাৰ দৰে দুৰ্ভগীয়াৰ পৰিয়ালত পোহৰ বিলাই আমাক জীয়াই থকাৰ সুবিধা দিয়াৰ বাবেই কৃতজ্ঞাতা জনাইছো ।উল্লেখ্য যে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰা মঞ্জুলাৰ প্রয়াত পিতৃও আছিল শাৰিৰীক ভাৱে সক্ষম ।দুজন লৰা, দুজনী ছোৱালী, মাতৃ সহ পাঁচ জনীয়া পৰিয়ালটোৰ বাবে জীয়াই থকাতো দূৰূহ হৈ পৰিছিল ৷সংস্থাপন হীন পৰিয়ালটোৱে চলাই গৈছিল জীয়াই থকাৰ অন্য এখন সংগ্ৰাম ।উচ্চতৰ মাধ্যমিক উত্তীর্ণ মঞ্জুলাই কংগ্ৰেছৰ আমোলৰ পৰাই এটা চৰকাৰী সংস্থাপনৰ বাবে চলাই গৈছিল সংগ্রাম ।কিন্তু কংগ্ৰেছৰ আমোলৰ পৰা এটা দশক ধৰি মঞ্জুলাই চলাই যোৱা সংস্থাপনৰ সংগ্ৰাম খনে লাভ কৰা নাছিল স্বীকৃতি ।নাজিৰাৰ পৰা গুৱাহাটীৰ দিছপুৰ পৰ্য্যন্ত অবিৰত ধৰ্ণা – প্ৰতিবাদ চলোৱাৰ পিছতো কোনো পক্ষৰে গা- নলৰাৰ পিছত নির্বাচনী প্রতিশ্রুতি অনুসৰিয়েই নিযুক্তিৰ তীব্ৰ প্ৰতিদ্ধন্দিতাৰ মাজত মেধাৰ বলতেই নির্বাচিত হল চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে ।স্বাভাৱিকতেই কেৱল, অনুভৱ, স্পৰ্শ, শব্দত পৃথিৱী বিছাৰি পোৱা শিৱসাগৰৰ দৃষ্টিহীন মঞ্জুলাক ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিকা নিযুক্তিয়ে দিয়া পোহৰ ভৱিষ্যত দিনৰ বাবে প্ৰেৰণাৰ আধাৰ হিচাবে পৰিগণিত হব ।য’ত মঞ্জুলাৰ দৰে দৃষ্টিহীনে পাব আকাশ চোৱাৰ অনুভৱ ।যেন দীর্ঘদিন অন্ধকাৰৰ পিছত বিয়পি পৰিল প্ৰশস্থিৰ আভা ।
চৰকাৰৰ নিকা নিযুক্তিয়ে দৃষ্টিহীন মঞ্জুলাক দিলে পোহৰৰ বাট
Posted on by GTM Desk
1 min read