মৰিগাঁওত গাড়ীসহ অবৈধ চেগুণ কাঠৰ কুণ্ডা জব্দ, দুজনক গ্ৰেপ্তাৰ, জেললৈ প্ৰেৰণ ।।

1 min read

মৰিগাঁও বনাঞ্চলিক কাৰ্যালয়ে অবৈধভাৱে কঢ়িওৱা ১৮ টা চেগুন কাঠৰ কুণ্ডাসহ কুণ্ডা কঢ়িওৱা বাহন খন জব্দ কৰে। লগতে এই অবৈধ কাৰ্যত জড়িত দুজন অভিযুক্তক হাতেলুটে ধৰি গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত দুজন মৰিগাঁও জিলাৰ আঁহতগুৰি গাঁও নিবাসী । নাম যথাক্ৰমে শ্ৰী প্ৰবীণ দাস(২৮ বছৰ) আৰু শ্ৰী অমল দাস(১৮ বছৰ)। আনহাতে আন এজন দুস্কৃতিকাৰী পলাই যাবলৈ সক্ষম হৈছে। পলাতক অভিযুক্তজন শ্ৰী ভক্ত পাটৰ বুলি জানিব পৰা গৈছে। দুষ্কাৰ্যত ব্যৱহৃত বাহন খনৰ নম্বৰ AS 21 C 1852 আৰু জব্দকৃত কাঠৰ পৰিমাণ প্ৰায় ৩৪ ঘনফুট আৰু ইয়াৰ মূল্য প্ৰায় ৫০,০০০ টকা হব। জব্দকৃত গাড়ীসহ কাঠ সমুহ বৰ্তমান মৰিগাঁও বনাঞ্চলিক কাৰ্যালয় চৌহদত ৰখা হৈছে। এই কাঠসমূহ তেঁতেলিয়া-বঘৰা সংৰক্ষিত বনাঞ্চলৰ পৰা কাটি আনি সৰবৰাহ কৰিছিল বুলি সন্দেহ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজন বৰ্তমান মৰিগাঁও থানাৰ হাজতত আছে আৰু যথাযথ আইনী প্ৰক্ৰিয়াৰে আজি আদালতৰ জৰিয়তে ন্যায়িক জিম্মাৰ বাবে মৰিগাঁও কাৰাগাৰালৈ প্ৰেৰণ কৰা হব।

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত

You May Also Like

More From Author