আহি আছে ২০২৪ ৰ লোকসভা নিৰ্বাচন | নিৰ্বাচনৰ পূৰ্বেই বিটিচিত চলিছে ৰাজনৈতিক বতাহ | পিছে নতুন ৰূপত পুনৰ সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গল বিপিএফ দল | তাৰেই যেন ইংগিত বহন কৰিলে ওদালগুৰিৰ ঔৰংগাজুলিত অনুষ্ঠিত হোৱা বিপিএফ দলৰ বিশাল ৰাজনৈতিক সভা | জনসমুদ্ৰত পৰিণত হোৱা বিপিএফৰ ৰাজনৈতিক সভাখনত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ এক বক্তব্যই এতিয়া তোলপাৰ লগাইছে বিটিআৰ ৰাজনীতিত | কিয়নো বিটিআৰৰ অন্তৰ্গত থকা চৰকাৰী ভূমি সমূহত যিসকল লোকে বেদখল কৰিছে সেই সমূহ ভূমিত বিটিআৰ চৰকাৰে উচ্ছেদ কৰা প্ৰক্ৰিয়াটোক বেআইনী বুলি কোৱাৰ লগতে এইবাৰৰ পৰা যদি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰখনে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী লৈকে বসবাস কৰা বিটিআৰত বসবাস কৰা লোকসকলক উচ্ছেদ কৰে, তেনেহলে পিচদিনাই বিপিএফ দলে সেইসকল উচ্ছেদিত লোকক পুনৰ সেই একেটা ঠাইতে থাকিবলৈ দিম বুলি কয় হাগ্ৰামা মহিলাৰীয়ে | লগতে কয় যে, এসময়ৰ বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি সংগ্ৰাম কৰি অহা প্ৰমোদ বড়োয়ে প্ৰথমে বড়ো লোকসকলৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ কৰা বুলি মন্তব্য আগবঢ়াই | ইয়াৰোপৰি যি গৰাকী লোকে নিজৰ জাতিটোৰ কথাই চিন্তা নকৰে তেওঁ আন জনগোষ্ঠীৰ কথা ক’ত চিন্তা কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই | আনহাতে সভাখনত উপস্থিত থকা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয় যে, ‘প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰখনৰ কমিছনৰাজৰ বাবে বিটিআৰৰ উন্নয়ণ স্থগিত হৈ পৰিছে | ঠিকাদাৰ সকলে মোটা অংকৰ কমিছন নিদিলে কামৰ টেন্ডাৰ নাপাই বুলি অভিযোগ উত্থাপন কৰিছে | ইয়াৰোপৰি সমাগত লোকসভা নিৰ্বাচনত বিপিএফ দলে ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে |
ওদালগুৰিৰ ঔৰংগাজুলিত হাগ্ৰামা মহিলাৰীৰ বিশাল জনসভা
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025